বতৰৰ বিধিপথালিৰ মাজতে ৰাজ্যত তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ
গুৱাহাটী, ০৭ মে’ (হি স)। লোকসভা নিৰ্বাচনৰ ইতিমধ্য়ে দুটা পৰ্যায়ত ৰাজ্য়ত সুকলমে ভোটগ্ৰহণ সম্পন্ন হো
ভোটদান


গুৱাহাটী, ০৭ মে’ (হি স)। লোকসভা নিৰ্বাচনৰ ইতিমধ্য়ে দুটা পৰ্যায়ত ৰাজ্য়ত সুকলমে ভোটগ্ৰহণ সম্পন্ন হোৱাৰ পাছত আজি ৰাজ্যত তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ কৰা হৈছে। বতৰে কিছু বিধিপথালি দিয়ে যদিও পুৱা ৭ বজাৰ পৰাই চাৰি লোকসভা সমষ্টিত ভোটদান আৰম্ভ হৈছে।

উল্লেখ্য় যে বৰপেটা, ধুবুৰী, গুৱাহাটী আৰু কোকৰাঝাৰ সমষ্টিত আজি অনুষ্ঠিত হৈছে লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। এই চাৰিটা লোকসভা সমষ্টিত ৪৭ প্ৰাৰ্থীৰ ভাগ্য বন্দী হ’ব ইভিএমত। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত হেভীৱেট প্ৰাৰ্থীসকল হ’ল - গুৱাহাটীত বিজেপিৰ বিজুলী কলিতা মেধি বনাম কংগ্ৰেছৰ মীৰা বৰঠাকুৰ। বৰপেটা সমষ্টিত যুঁজত নামিছে ফণীভূষণ চৌধুৰী, দীপ বায়ন, মনোৰঞ্জন তালুকদাৰ আৰু দুলু আহমেদ। ধুবুৰীত বদৰুদ্দিন আজমলৰ, ৰকিবুল হুছেইন আৰু জাবেদ ইছলামৰ মাজত ত্ৰিকোণীয় যুঁজ। ইফালে কোকৰাঝাৰ সমষ্টিত যুঁজত নামিছে জয়ন্ত বসুমতাৰী আৰু খাম্পা বৰগয়াৰী।

তৃতীয় তথা অন্তিম পৰ্যায়ত ৯,৫১৬টা ভোটকেন্দ্ৰত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। মুঠ ভোটাৰৰ সংখ্যা ৮১,৪৯,০৯১ গৰাকী। সমষ্টি ভিত্তিক কোকৰাঝাৰ সমষ্টিত মুঠ ১২ গৰাকীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ধুবুৰী সমষ্টিত ১৩ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ বিপৰীতে বৰপেটা সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াইছে ১৪ গৰাকী প্ৰাৰ্থীয়ে। ইফালে, গুৱাহাটী সমষ্টিত ৮ গৰাকী প্ৰাৰ্থীৰ মাজত হৈছে প্ৰতিদ্বন্দ্বিতা।

উল্লেখ্য যে অসমত লোকসভা নির্বাচনৰ প্ৰথম পৰ্যায়ত ১৯ এপ্ৰিলত শোণিতপুৰ, যোৰহাট, ডিব্ৰুগড়, কাজিৰঙা আৰু লক্ষিমপুৰকে ধৰি অসমৰ ৫ টা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হয় । প্রথম পর্যায়ৰ ৫ টা সমষ্টিত মুঠ ৩৫ গৰাকী প্রার্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে । ইফালে ২৬ এপ্ৰিলত দ্বিতীয় পৰ্যায়ত নগাঁও, কৰিমগঞ্জ, ডিফু, শিলচৰ আৰু দৰং-ওদালগুৰিত ভোটগ্ৰহণ কৰা হৈছে। এই ৫সমষ্টিৰ বাবে মুঠ ৬১গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ইয়াৰ ভিতৰত ৫৯ জন পুৰুষ আৰু দুগৰাকী মহিলা প্ৰাৰ্থী। আজি অনুষ্ঠিত হোৱা তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ মুঠ প্ৰাৰ্থীৰ সংখ্যা ৪৭ জন, ইয়াৰে ৪১ জন পুৰুষ আৰু ৬ জন মহিলা।

উল্লেখ্য যে দেশৰ পঞ্চদশ লোকসভা নিৰ্বাচন ৭টা পৰ্যায়ত অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ ভিতৰত ইতিমধ্যে ১৯ এপ্ৰিলত প্ৰথম পৰ্যায়ত ২১ খন ৰাজ্যত ১০২ আসন আৰু ২৬ এপ্ৰিলত দ্বিতীয় পৰ্যায়ত ১৩ খন ৰাজ্যৰ ৮৮ খন আসনৰ বাবে ভোট গ্ৰহণ সম্পন্ন হৈছে। সাতোটা পৰ্যায়ৰ নিৰ্বাচনৰ অন্ত পৰাৰ পাছত ৪ জুনত কৰা হ’ব ভোটগণনা। চলিত লোকসভাৰ কাৰ্যকাল ১৬ জুনত শেষ হ’ব। তাৰ আগতে নতুন লোকসভা গঠন কৰিব লাগিব। যোৱাবাৰ (২০১৯) ১০ মাৰ্চত লোকসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰা হৈছিল আৰু ১১ এপ্ৰিলৰ পৰা ১৯ মে’ৰ ভিতৰত সাতটা পৰ্যায়ত ভোটদান হৈছিল। আনহাতে ২৩ মে’ত কৰা হৈছিল ভোটগণনা।

হিন্দুস্থান সমাচাৰ/মনোজ


 rajesh pande