বৰপেটা লোকসভা সমষ্টিৰ বিভিন্ন ভোট কেন্দ্ৰত অব্যাহত ভোট গ্ৰহণ প্ৰক্ৰিয়া
বৰপেটা, ০৭ মে’(হি.স.)। সমগ্ৰ দেশৰ লগতে ৰাজ্যত আজি অব্যাহত আছে তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া। একে
বৰপেটা লোকসভা সমষ্টিৰ বিভিন্ন ভোট কেন্দ্ৰত অব্যাহত ভোট গ্ৰহণ প্ৰক্ৰিয়া


বৰপেটা, ০৭ মে’(হি.স.)। সমগ্ৰ দেশৰ লগতে ৰাজ্যত আজি অব্যাহত আছে তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া। একেদৰে বৰপেটা লোকসভা সমষ্টিৰো বিভিন্ন ভোট কেন্দ্ৰত অব্যাহত আছে ভোট গ্ৰহণ প্ৰক্ৰিয়া। আজি পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া।

ৰাজ্যৰ ৪ টা সমষ্টিত অনুষ্ঠিত হৈছে ভোট গ্ৰহণ প্ৰক্ৰিয়া। প্ৰতিকূল বতৰকো নেওচি সকলোৱে ওলাই আহিছে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ। বৰপেটা সমষ্টিৰ হাউলী ৭০৮ নং হালাপাকুৰী বালিকা প্ৰাথমিক বিদ্যালয়ত শান্তিপূৰ্ণভাৱে অব্যাহত আছে ভোট গ্ৰহণ প্ৰক্ৰিয়া।

হিন্দুস্থান সমাচাৰ / কিশোৰ/ৰমেন/মনোজ


 rajesh pande