মানকাচৰত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ উভতিল শ শ লোক
দক্ষিণ শালমাৰা মানকাচাৰ, ০৭ মে (হি স)। আজি ৰাজ্য়ত অনুষ্ঠিত হৈছে তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ পৰ্ব ৷ আজি অ
মানকাচৰত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ উভতিল শ শ লোক


দক্ষিণ শালমাৰা মানকাচাৰ, ০৭ মে (হি স)। আজি ৰাজ্য়ত অনুষ্ঠিত হৈছে তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ পৰ্ব ৷ আজি অনুষ্ঠিত হোৱা ভোটগ্ৰহণত ধুবুৰীত ১৩ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ২৬,৪২,৬৭৫ গৰাকী ভোটাৰে ৷ ইতিমধ্যে ভোট গ্ৰহণ কেন্দ্ৰৰ বিষয়া কৰ্মচাৰীসকল পুৱাই ভোট গ্ৰহণৰ বাবে সাজু হৈ পৰে ৷

মন কৰিবলগীয়া যে মানকাচৰত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ চৰাঞ্চললৈ উভতি আহিছে শ শ লোক ৷ উল্লেখ্য যে, গৰাখহনীয়াৰ কৱলত পৰি দক্ষিণ শালমাৰা আৰু মানকাচৰ সমষ্টিৰ চৰাঞ্চলৰ শ শ লোক মাটি-ভেঁটি হেৰুৱাই সৰ্বসান্ত হৈ অসমৰ বিভিন্ন প্ৰান্ততৰ লগতে মেঘালয় আৰু অসম-মেঘালয় সীমান্তবৰ্তী অঞ্চল সমূহত আশ্ৰয়লৈ আছে ৷

বিভিন্ন ঠাইত স্থায়ী আৰু অস্থায়ী ভাৱে আশ্ৰয়লৈ থকা লোকসকলে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ উভতি আহিছে নিজ নিজ ভোট কেন্দ্ৰলৈ ৷ হাটশিঙিমাৰীৰ বেপাৰীপাৰা পাৰ ঘাট এইসকল উভতি অহা লোকৰে উথপথপ হৈ পৰিছে ৷ এই পাৰঘাটৰ পৰা নাৱেৰে গৈ নিজ নিজ ভোট কেন্দ্ৰত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে লোকসকলে ৷

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ


 rajesh pande