গোসাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক জিৰন বসুমতাৰীৰ ভোটদান
কোকৰাঝাৰ, ০৭ মে’ (হি.স.): কোকৰাঝাৰ জিলাৰ গোসাইগাঁও জিলা নিৰ্বাচনী বিষয়াৰ অধীনৰ এক নম্বৰ গোসাইগাঁও আ
গোসাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক জিৰন বসুমতাৰীৰ ভোটদান


কোকৰাঝাৰ, ০৭ মে’ (হি.স.): কোকৰাঝাৰ জিলাৰ গোসাইগাঁও জিলা নিৰ্বাচনী বিষয়াৰ অধীনৰ এক নম্বৰ গোসাইগাঁও আৰু পাঁচ নম্বৰ পৰ্বতঝোৰা বিধানসভা সমষ্টিৰ ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷

এক নম্বৰ গোসাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক জিৰন বসুমতাৰীয়ে সপত্নীক লৈ কাশিয়াবাৰি ভোটকেন্দ্ৰত ভোটদান কৰে ৷ সাংবাদিকৰ সৈতে সাক্ষাৎকাৰত তেওঁ কয় যে ভোটাৰ ৰাইজৰ যথেষ্ট সঁহাৰি আছে ৷ এন ডি এৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীয়ে বিপুল ভোটত জয়ী হ’ব বুলি তেও দাবী কৰে ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ


 rajesh pande