মৰিয়নিত ৰে'ল আলিৰ দাঁতিৰ খালত মৃতদেহ উদ্ধাৰ
যোৰহাট, ০৭ মে’ (হি.স.): যোৰহাট জিলাৰ মৰিয়নিত আজি এটা মৃতদেহ উদ্ধাৰ কৰা হয়। উজনিমুৱা মৰিয়নি ডিব্ৰুগড়
মৰিয়নিত ৰে'ল আলিৰ দাঁতিৰ খালত মৃতদেহ উদ্ধাৰ


যোৰহাট, ০৭ মে’ (হি.স.): যোৰহাট জিলাৰ মৰিয়নিত আজি এটা মৃতদেহ উদ্ধাৰ কৰা হয়। উজনিমুৱা মৰিয়নি ডিব্ৰুগড় ৰে’লপথৰ মৰিয়নি জাতীয় বিদ্যাপীঠৰ সমীপত উদ্ধাৰ কৰা হৈছে মৃতদেহটো।

ৰে’ল আলিৰ দাঁতিৰ এটা খালত পুৱা স্থানীয় ৰাইজে মৃতদেহ প্ৰত্যক্ষ কৰি ৰে’ল আৰক্ষীক অৱগত কৰে। মৃত ব্যক্তি জনৰ পৰিচয় বৰ্তমানে চিনাক্ত হোৱা নাই যদিও লোকজন হত্যাৰ বলি হোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকসকলে। ৰে’ল আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ


 rajesh pande