অসমঃ পুৱা ১১ বজালৈ ২৭.৩৪ শতাংশ ভোট
গুৱাহাটী, ০৭ মে’ (হি.স.)। অসমত তৃতীয় আৰু অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে আজি ৰাজ্যৰ মুঠ ১৪খন
Loksabha Election Phase III


Loksabha Election Phase III


গুৱাহাটী, ০৭ মে’ (হি.স.)। অসমত তৃতীয় আৰু অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে আজি ৰাজ্যৰ মুঠ ১৪খন লোকসভা আসনৰ ভিতৰত চাৰিখন আসনত ভোটদান অনুষ্ঠিত হৈছে। পুৱা ০৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া।

পুৱা ১১ বজালৈকে অসমত মুঠ ২৭.৩৪ শতাংশ ভোটগ্ৰহণ ৰেকৰ্ড কৰা হৈছে। পুৱা ১১ বজালৈ ৰাজ্যৰ বৰপেটা সমষ্টিৰ আসনত ২৭.১৯ শতাংশ ভোটদান হৈছে। একে সময়তে ধুবুৰী লোকসভা সমষ্টিত ২২.৭৭ শতাংশ, গুৱাহাটীত ২৬.২৫ শতাংশ আৰু কোকৰাঝাৰত ২৮.২৮ শতাংশ ভোটদান হোৱাৰ হাৰ পোৱা গৈছে।

এতিয়ালৈকে পোৱা তথ্য অনুসৰি শান্তিপূৰ্ণভাৱে ভোটদান চলি আছে। কিন্তু একাংশ ভোটকেন্দ্ৰত ইভিএমৰ বিসংগতিৰ বাবে ভোটদান বন্ধ কৰি দিয়া হৈছিল যদিও ইভিএম সলনি কৰাৰ পিছত পুনৰ ভোটদান আৰম্ভ হয়। ভোট কেন্দ্ৰসমূহত বহু সংখ্যক নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে।

মন কৰিবলগীয়া যে প্ৰথম পৰ্যায়ত ১৯ এপ্ৰিলত অসম যোৰহাট, লখিমপুৰ, কাজিৰঙা, ডিব্ৰুগড় আৰু শোণিতপুৰৰ ৫খন লোকসভা আসনৰ বাবে ভোটদান অনুষ্ঠিত হোৱাৰ দ্বিতীয় পৰ্যায়তো ২৬ এপ্ৰিলত ৫খন আসন ক্ৰমে দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ, নগাঁও আৰু শিলচৰত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ/মনোজ


 rajesh pande