কংগ্ৰেছৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সমন্বয়ক ৰাধিকা খেড়া আৰু শেখৰ সুমনৰ বিজেপিত যোগদান
নতুন দিল্লী, ০৭ মে’ (হি.স.)। কংগ্ৰেছৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সমন্বয়ক ৰাধিকা খেড়া আৰু অভ
ৰাধিকা


নতুন দিল্লী, ০৭ মে’ (হি.স.)। কংগ্ৰেছৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সমন্বয়ক ৰাধিকা খেড়া আৰু অভিনেতা শেখৰ সুমনে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে।

মঙলবাৰে বিজেপিৰ মুখ্য কাৰ্যালয়ত ৰাধিকা খেড়া আৰু অভিনেতা শেখৰ সুমনে দলৰ সাধাৰণ সম্পাদক বিনোদ তাওডেৰ উপস্থিতিত দলৰ সদস্যপদ গ্ৰহণ কৰে।

বিজেপিত যোগদান কৰাৰ পিছত সংবাদ মাধ্যমৰ সৈতে কথা পাতি ৰাধিকা খেড়াই কয় যে ৰাম ভক্ত হোৱাৰ বাবে তেওঁৰ ৰাম লাল্লাৰ দৰ্শন পাছত কংগ্ৰেছ দলে তেওঁৰ লগত বেয়া আচৰণ কৰিছিল । তেওঁ যদি মোডী চৰকাৰৰ সুৰক্ষা নাপালেহেঁতেন তেন্তে ইয়াত উপস্থিত হ’ব নোৱাৰিলেহেঁতেন। আজিৰ কংগ্ৰেছ মহাত্মা গান্ধীৰ কংগ্ৰেছ নহয়, ই ৰাম বিৰোধী, হিন্দু বিৰোধী কংগ্ৰেছ।

বিজেপিত যোগদান কৰাৰ পিছত অভিনেতা শেখৰ সুমনে কয় যে কালিলৈকে মই নাজানিছিলো যে আজি মই ইয়াত বহি থাকিম, কাৰণ জীৱনৰ বহু কথা জ্ঞাতে-অজ্ঞাতে ঘটে। অতি ইতিবাচক মানসিকতাৰে ইয়ালৈ আহিছো আৰু ইয়ালৈ আহিবলৈ নিৰ্দেশ দিয়াৰ বাবে ভগৱানক ধন্যবাদ জনাইছো।

হিন্দুস্থান সমাচাৰ/ বিজয়লক্ষ্মী/মনোজ/অৰৱিন্দ


 rajesh pande