লামডিঙত বিধ্বংসী অগ্নিকাণ্ড সংঘটিত
হোজাই,০৬ মে(হি.স.)। লামডিঙত পুৱাই বিধ্বংসী অগ্নিকাণ্ড৷ অগ্নিকাণ্ডৰ ফলত জাহ গ'ল ৫ খনকৈ ব্যৱসায়ীক প্ৰত
লামডিঙত বিধ্বংসী অগ্নিকাণ্ড সংঘটিত


হোজাই,০৬ মে(হি.স.)। লামডিঙত পুৱাই বিধ্বংসী অগ্নিকাণ্ড৷ অগ্নিকাণ্ডৰ ফলত জাহ গ'ল ৫ খনকৈ ব্যৱসায়ীক প্ৰতিষ্ঠান ৷ধাৰাষাণ বৰষুণেও ৰক্ষা নকৰিলে ব্যৱসায়ীক প্ৰতিষ্ঠান কেইখন৷ লামডিং হৰুলংফাৰ লাষ্ট ক'লনিত পুৱা প্ৰায় ৪ বজাৰ পিছত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনাটো৷ এখন ব্যৱসায়ীক প্ৰতিষ্ঠানৰ এটি গেছৰ চিলিণ্ডাৰো অগ্নিকাণ্ডৰ বাবে এক ভয়ংকৰ বিস্ফোৰণ সংঘটিত হয়৷ অগ্নিকাণ্ডৰ ফলত কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি জাহ যোৱাৰ সন্দেহ৷

উক্ত অগ্নিকাণ্ডৰ কাৰণো বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। অগ্নি নিৰ্বাপক বাহীনিৰ দলটোৰ দুখকৈ বাহন আহি ঘটনাস্থলীত উপস্থিত হোৱালৈ ৫ খনকৈ ব্যৱসায়ীক প্ৰতিষ্ঠান অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণ ৰূপে জাহ যায়৷

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/ৰমেন/আলোক.


 rajesh pande