নীট প্ৰশ্নকাকত ফাদিলৰ উৰাবাতৰিক লৈ উত্তাল ৰাজনীতি, প্ৰিয়ংকা আৰু ৰাহুলৰ বিজেপিক সমালোচনা
নতুন দিল্লী, ০৬ মে’ (হি.স.)। লোকসভা নিৰ্বাচনৰ মাজতে নীট (NEET) পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ উৰাবা
ৰাহুল –প্ৰিয়ংকা


নতুন দিল্লী, ০৬ মে’ (হি.স.)। লোকসভা নিৰ্বাচনৰ মাজতে নীট (NEET) পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ উৰাবাতৰিৰ বাবেই দেশৰ ৰাজনীতি উত্তপ্ত হৈ পৰিছে। কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰা আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এই বিষয়টোক ইছ্যু কৰি কেন্দ্ৰীয় চৰকাৰক লক্ষ্য কৰি লৈছে।

সোমবাৰে ছ’চিয়েল মিডিয়াত ৰাহুল গান্ধীয়ে কয় যে নীট প্ৰশ্নকাকত ফাদিল হোৱাটো ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ পৰিয়ালৰ সপোনৰ প্ৰতি বিশ্বাসঘাতকতা। তেওঁ কয় যে এই চৰকাৰ সকলোৰে অভিশাপ হৈ পৰিছে, সেয়া দ্বাদশ উত্তীৰ্ণ হৈ কলেজত নামভৰ্তিৰ সপোন দেখা ছাত্ৰ-ছাত্ৰীয়েই হওক বা চৰকাৰী চাকৰিৰ বাবে সংগ্ৰাম কৰি থকা আশাব্যঞ্জক যুৱক-যুৱতীসকলেই হওক।

যোৱা ৫ মে’ত ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই দেশৰ সৰ্ববৃহৎ চিকিৎসা প্ৰৱেশ পৰীক্ষা ৰাষ্ট্ৰীয় যোগ্যতা সহ প্ৰৱেশ পৰীক্ষা (নীট -ইউজি - ২০২৪) অনুষ্ঠিত কৰিছিল। সেইদিনা নীট প্ৰশ্নকাকত ফাদিল হোৱাৰ উৰাবাতৰি ওলাইছিল।

প্ৰিয়ংকা গান্ধীয়ে, ছ’চিয়েল মিডিয়া হেণ্ডেলত নীট পেপাৰ ফাদিলৰ বাতৰিৰ কথা ছচিয়েল মিডিয়াত পোষ্ট দি কয় যে দেশৰ ২৪ লাখ যুৱকৰ ভৱিষ্যতৰ সৈতে পুনৰ খেলা কৰা হৈছে। তেওঁ কয় যে আজি নিবনুৱা সমস্যা আৰু চাকৰিৰ দুৰ্নীতি এই নিৰ্বাচনৰ আটাইতকৈ ডাঙৰ বিষয়।

কংগ্ৰেছৰ ইস্তাহাৰৰ কথা উল্লেখ কৰি প্ৰিয়ংকা গান্ধীয়ে কয় যে আমাৰ ন্যায় পত্ৰৰ সংকল্প হ’ল প্ৰশ্নকাকত ফাদিল বন্ধ হ’ব। কেলেণ্ডাৰ অনুসৰি সংস্থাপন ওলাব আৰু খালী পদ পূৰণ কৰা হ’ব। যুৱ প্ৰজন্মৰ ভৱিষ্যতৰ সৈতে এই খেলা-ধূলা বন্ধ হৈ যাব আৰু আমি এই কাম কৰিম।

হিন্দুস্থান সমাচাৰ/বিৰঞ্চি/মনোজ


 rajesh pande