ভাৰত আৰু ঘানাৰ মাজত আন্তঃসংযোগী লেনডেন ব্যৱস্থাৰ ক্ষেত্ৰত চুক্তি
-ভাৰত আৰু ঘানাই ছমাহৰ ভিতৰত ইউপিআই ৰোল আউট কৰিবলৈ সন্মত নতুন দিল্লী, ০৬ মে’ (হি.স.)। পেমেণ্ট ব্যৱস
চুক্তি


-ভাৰত আৰু ঘানাই ছমাহৰ ভিতৰত ইউপিআই ৰোল আউট কৰিবলৈ সন্মত

নতুন দিল্লী, ০৬ মে’ (হি.স.)। পেমেণ্ট ব্যৱস্থা সন্দৰ্ভত ভাৰত আৰু ঘানাৰ মাজত এক গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত হৈছে। দুয়োখন দেশেই ছমাহৰ ভিতৰত ঘানা আন্তঃবেংক পেমেণ্ট আৰু নিষ্পত্তি ব্যৱস্থাত ইউপিআই প্ৰৱৰ্তন কৰিবলৈ সন্মত হৈছে। ইয়াৰ দ্বাৰা ব্যৱহাৰকাৰীসকলে নিজৰ মাজত তৎক্ষণাত, কম খৰচী ধন স্থানান্তৰ কৰাত সহায় কৰিব।

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে সোমবাৰে প্ৰকাশ কৰা এক বিবৃতিত কয় যে ভাৰত আৰু ঘানাই এতিয়া নিজৰ মাজত অৰ্থনৈতিক লেনদেন শক্তিশালী কৰিবলৈ সক্ষম হ’ব। দুয়োখন দেশে পেমেণ্ট ব্যৱস্থাৰ আন্তঃসংযোগৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ অধীনত ইউনিফাইড পেমেণ্টছ ইন্টাৰফেচ (ইউপিআই) আৰু ঘানা ইন্টাৰবেংক পেমেণ্ট এণ্ড ছেটেলমেণ্ট চিষ্টেম (জিএইচআইপিএছএছ) এতিয়া সংযোগ কৰা হ’ব।

মন্ত্ৰালয়ৰ মতে, ভাৰত-ঘানাই ডিজিটেল ট্ৰেন্সফৰ্মেচন সমাধানত স্বাক্ষৰ কৰিছে; স্থানীয় মুদ্ৰা নিষ্পত্তি ব্যৱস্থাৰ ওপৰত বুজাবুজি চুক্তিৰ সম্ভাৱনাৰ বিষয়ে আলোচনা কৰে আৰু আফ্ৰিকান মহাদেশীয় মুক্ত বাণিজ্য চুক্তি (এএফচিএফটিএ)য়ে আগবঢ়োৱা সুযোগসমূহৰ বিষয়েও আলোচনা কৰে। ইয়াৰ লগতে দুয়োখন দেশে ডিজিটেল অৰ্থনীতি, বস্ত্ৰশিল্প, নবীকৰণযোগ্য শক্তি আৰু স্বাস্থ্যসেৱা খণ্ডক কেন্দ্ৰবিন্দু হিচাপে চিনাক্ত কৰি আলোচনা কৰে।

বাণিজ্য মন্ত্ৰালয়ে কয় যে দুয়োপক্ষই ভাৰত চৰকাৰৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ বাণিজ্য বিভাগৰ অতিৰিক্ত সচিব অমৰদ্বীপ সিং ভাটিয়াৰ নেতৃত্বত সাতজনীয়া ভাৰতীয় প্ৰতিনিধি দলৰ লগতে ঘানা গণৰাজ্যত ভাৰতৰ উচ্চায়ুক্ত মনীষ গুপ্তাৰ সৈতে সাক্ষাৎ কৰে আৰু বাণিজ্য বিভাগৰ অৰ্থনৈতিক উপদেষ্টা শ্ৰীমতী প্ৰিয়া পিয়ে ২০২৪ চনৰ ২ মে’ৰ পৰা ৩ মে’লৈকে তেওঁৰ ঘানাৰ সমকক্ষসকলৰ সৈতে যৌথ বাণিজ্য সমিতিৰ (জেটিচি) বৈঠক অনুষ্ঠিত কৰে। জেটিচিৰ সহ-সভাপতিত্ব কৰিছিল ঘানা গণৰাজ্যৰ বাণিজ্য আৰু উদ্যোগ উপ-মন্ত্ৰী সন্মানীয় মাইকেল অকিয়ে-বাফি আৰু বাণিজ্য বিভাগৰ অতিৰিক্ত সচিব অমৰদ্বীপ সিং ভাটিয়াই।

উল্লেখযোগ্য যে ভাৰতৰ ইউনিফাইড পেমেণ্টছ ইন্টাৰফেচ (ইউ পি আই) ইতিমধ্যে ছিংগাপুৰ আৰু ইউ এ ইৰ দৰে দেশত উপস্থিত হৈছে। ইয়াৰ বাবে নাইজেৰিয়াৰ সৈতেও আলোচনা চলি আছে। ভাৰত আৰু ঘানাই এই দিশত দ্ৰুতগতিত কাম কৰি আছে।

হিন্দুস্থান সমাচাৰ/প্ৰজেশ শংকৰ/মনোজ


 rajesh pande