বিজেপিয়ে কংগ্ৰেছৰ ছ'চিয়েল মিডিয়া পেছাদাৰীসকলক ভয় খুৱাইছেঃ সুপ্ৰিয়া শ্ৰীনেটৰ অভিযোগ
নতুন দিল্লী, ০৬ মে’ (হি.স.)। ভাৰতীয় জনতা পাৰ্টিয়ে নিজৰ দলৰ সৈতে জড়িত পেছাদাৰীসকলক ভয় দেখুৱাইছে ব
সুপ্ৰিয়া শ্ৰীনেট


নতুন দিল্লী, ০৬ মে’ (হি.স.)। ভাৰতীয় জনতা পাৰ্টিয়ে নিজৰ দলৰ সৈতে জড়িত পেছাদাৰীসকলক ভয় দেখুৱাইছে বুলি সোমবাৰে কংগ্ৰেছে অভিযোগ উত্থাপন কৰে। দিল্লী আৰক্ষীৰ জৰিয়তে ছ’চিয়েল মিডিয়াৰ সৈতে জড়িত দলটোৰ যুৱ কৰ্মীসকলৰ বিৰুদ্ধে ভুৱা আইনী ব্যৱস্থা গ্ৰহণ কৰি হাৰাশাস্তি কৰা হৈছে।

কংগ্ৰেছৰ মুখপাত্ৰ সুপ্ৰিয়া শ্ৰীনেটে সংবাদমেল সম্বোধন কৰি অভিযোগ কৰে যে বিজেপিয়ে কংগ্ৰেছ মতাদৰ্শৰ সৈতে জড়িত পেছাদাৰীসকলক কাৰ্য্যৰ ভাবুকি দিছে। কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত বাৰ্তালাপৰ সময়ত শ্ৰীনেটে কয় যে বিজেপি অস্থিৰ হৈ পৰিছে। একে সময়তে কংগ্ৰেছ পাৰ্টিয়ে ছ’চিয়েল মিডিয়াৰ সৈতে জড়িত পেছাদাৰী আৰু কন্টেন্ট ৰাইটাৰসকলক সুৰক্ষা প্ৰদানৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিছে।

সুপ্ৰিয়া শ্ৰীনেটে লগতে অভিযোগ কৰে যে বিজেপিয়ে কংগ্ৰেছৰ সৈতে জড়িত ভিডিঅ’ সম্পাদনা কৰি ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছে। ইয়াৰ বিৰুদ্ধে দলটোৱে ৭২ ঘন্টা পূৰ্বে দিল্লী আৰক্ষীক অভিযোগ দিছিল যদিও এতিয়ালৈকে দিল্লী আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। আজি পুৱা আৰক্ষী আয়ুক্তক সাক্ষাৎ কৰাৰ পিছত আমি ব্যৱস্থা গ্ৰহণৰ আশ্বাস পালোঁ।

ছ’চিয়েল মিডিয়াত শত্ৰুতা বিয়পাই দিয়া ভিডিঅ’ প্ৰকাশ কৰা হৈছে বুলিও সুপ্ৰিয়া শ্ৰীনেটে প্ৰকাশ কৰে। ৰাহুল গান্ধীৰ ভিডিঅ’ ক্ৰপ কৰি ছ’চিয়েল মিডিয়াত পোষ্ট কৰা হৈছে। কৰ্ণাটকতো এই ধৰণৰ কাণ্ড সংঘটিত হৈছে। দিল্লীত অবৈধভাৱে স্থাপন কৰা হৈছে ডাঙৰ ডাঙৰ হৰ্ডিং। নিৰ্বাচন আয়োগে নিৰপেক্ষভাৱে কাম কৰিব লাগে।

সুপ্ৰিয়া শ্ৰীনেটে কয় যে দুটা পৰ্যায়ৰ ভোটগ্ৰহণ কৰা হৈছে আৰু তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ মঙলবাৰে কৰা হ’ব। যোৱা দুটা পৰ্যায়ত ভোটদানৰ হাৰ কম হোৱাৰ কাৰণ প্ৰখৰ ৰ’দ আৰু উত্তাপৰ বাবে নহয় বৰঞ্চ বিজেপি ভোটাৰৰ মাজত উৎসাহৰ অভাৱ বুলিও তেওঁ কয়।

হিন্দুস্থান সমাচাৰ / বিৰঞ্চি/মনোজ


 rajesh pande