চৰাইদেউৰ বৰুৱানগৰত ৫৯ তম্ ৰঙালী বিহু সন্মিলন উদযাপন
চৰাইদেউ, ০৬ মে (হি.স.)। আজি চৰাইদেউ জিলাৰ বৰুৱানগৰ ৰাজহুৱা খেলপথাৰত ৫৯ তম্ আঞ্চলিক ৰঙালী বিহু সন্মিল
চৰাইদেউৰ বৰুৱানগৰত ৫৯ তম্ ৰঙালী বিহু সন্মিলন উদযাপন


চৰাইদেউ, ০৬ মে (হি.স.)। আজি চৰাইদেউ জিলাৰ বৰুৱানগৰ ৰাজহুৱা খেলপথাৰত ৫৯ তম্ আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ প্ৰথম দিনাৰ কাৰ্য্যসূচী অনুষ্ঠিত হয়। পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি আৰু অৱসৰপ্ৰাপ্ত শিক্ষক বলোৰাম চেতিয়াই , স্মৃতি তৰ্পণ কৰে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি হেমন্ত চাংমায়ে, স্থায়ী অতিথিশালা আৰু কাৰ্য্যালয় শুভ উদ্বোধন কৰে শিক্ষক ঘণকান্ত ফুকনে।

আজি ৰচনা , চিত্ৰাংকন , হুঁচৰি , চেমনীয়া হুঁচৰি, গাভৰু বিহু, জেং বিহু, বিহুৱতী, সৰু বিহুৱতী প্ৰতিযোগীতা অনুষ্ঠিত হয়।৮ মে' তাৰিখে সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰিব জনপ্ৰিয় কণ্ঠশিল্পী প্ৰাণদ্বীপ আৰু চৈতন্য চান গগৈয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ/ৰমেন/আলোক.


 rajesh pande