ডিব্ৰুগড়, ০২ মে' (হি.স.)। ডিব্ৰুগড়ৰ মোহনাঘাটৰ গৰাখহনীয়াই ঘৰবাৰী পানীত উটুৱাই নিয়াত মুক্ত আকাশৰ তলতে পঢ়িব লৈছে এগৰাকী ছাত্ৰীয়ে। নাই কোনো ঘৰ, নাই কোনো পঢ়া চকী মেজ,নাই কোনো পোহৰৰ ব্যৱস্থা। মুক্ত আকাশৰ তলত আৰু ব্ৰহ্মপুত্ৰৰ চেঁচা বতাহ জাককলৈ অধ্যয়ন কৰিব লগীয়া হৈছে গৰাখহনীয়াত ঘৰবাৰী জাহ যোৱা পৰিয়ালৰ এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীয়ে।
নাই কোনো থকা ঠাই , মনত আছে মাথোঁ সাহস আৰু দুৰ্বাৰ আশা। ছাত্ৰী জনীয়ে দুখৰ নয়নে বিচাৰি আছে কোনোবা হৃদয়বান ব্যক্তিৰ এধানি মৰম আৰু সহায়ৰ হাত । গৃহহাৰা মাতৃ সোণমণি দলেয়ে দুখেৰে কয়, আমাৰ ঘৰটো পানীত জাহ নোযোৱালৈকে মোৰ ছোৱালী জনীৰ মনত বহুত হেঁপাহ আছিল পঢ়িবলৈ। ছোৱালী জনীয়ে স্কুলৰ পৰা আহি নিজৰ অধ্যনয়তে ব্যস্ত থাকে, কিন্তু ঘৰটো পানীত উটুৱাই নিয়াত আজি কিছুদিনৰ পৰা ভয়ে ভয়ে তাই জীৱন পাৰ কৰিব লগীয়া হৈছে।ছোৱালী জনীয়ে নিজৰ চকুৰে নিজৰ সপোনৰ ঘৰটো পানীত উটিযোৱা দেখা পাই মনত ভয়ভাৱ সোমাইছে। এগৰাকী গৃহহাৰা হোৱা মহিলাৰ এয়া কাতৰ হিয়াভৰা বিননী।
ডিব্ৰুগড়ৰ মোহনাঘাটৰ নৈপৰীয়া মানুহৰ এয়া আৰ্তনাদ।এই গৰাখহনীয়াই ঘৰৰ সকলো বস্তু চকুৰ আগতে উটুৱাইলৈ যায়, যাৰ বাবে এওঁলোক এতিয়া সৰ্বহাৰা।একমাত্ৰ পিন্ধি থকা কাপোৰ যোৰহে বাছি থাকিল।ল''ৰা- ছোৱালীৰ বয়বস্তু কিতাপ আদি সমূলঞ্চে সকলো শেষ হল পানীত। যোৱা ১৭ বছৰৰ পৰা এই ঠাইত বসবাস কৰি নিজৰ ল''ৰা ছোৱালীক পোহপাল আৰু শিক্ষা দি আছিলোঁ।এই গৰাখহনীয়াই আমাক সৰ্বহাৰা কৰিলে বুলি মাতৃ সোণমণি দলেয়ে দুখেৰে কয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ /আলোক.