দুলীয়াজানত আছুৰ উদ্যোগত কেন্দ্ৰীয় ৰঙালী উৎসৱৰ আয়োজন
ডিব্ৰুগড়,০২ মে' (হি.স.)। আজিৰে পৰা দুলীয়াজানত আছুৰ উদ্যোগত কেন্দ্ৰীয় ৰঙালী উৎসৱ । সাংস্কৃতিক শোভা
দুলীয়াজানত আছুৰ উদ্যোগত কেন্দ্ৰীয় ৰঙালী উৎসৱৰ আয়োজন


ডিব্ৰুগড়,০২ মে' (হি.স.)। আজিৰে পৰা দুলীয়াজানত আছুৰ উদ্যোগত কেন্দ্ৰীয় ৰঙালী উৎসৱ । সাংস্কৃতিক শোভাযাত্ৰাত অৰুণ হাজৰিকা,নয়ন নীলিম,বৈভৱী গোস্বামী বিগত বৰ্ষৰ দৰে এইবছৰো আছুৰ দুলীয়াজান আঞ্চলিক সমিতিৰ উদ্যোগত আৰু দুলীয়াজানবাসীৰ সহযোগত স্থানীয় বিহুতলী খেলপথাৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে কেন্দ্ৰীয় ৰঙালী উৎসৱ।

বৃহস্পতিবাৰে অৰ্থাৎ প্ৰথম দিনা কাৰ্যসূচীত জনপ্ৰিয় অভিনেতা-অভিনেত্ৰী অৰুণ হাজৰিকা,নয়ন নীলিম,বৈভৱী গোস্বামীৰ আৰু আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে। এই উপলক্ষে বাহিৰ কৰা বিশাল সাংস্কৃতিক শোভাযাত্ৰাত কেইবাটাও জাতীয়-জনগোষ্ঠীয় সাংস্কৃতিক দলে অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় ৰঙালী বিহুৰ অন্তিম দিনা জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে গীত পৰিৱেশন কৰিব বুলিও শংকৰজ্যোতি বৰুৱাই জানিবলৈ দিয়ে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ/ৰমেন/আলোক.


 rajesh pande