দেশৰ উন্নয়নৰ স্বাৰ্থত বিজেপি প্ৰাৰ্থীক ভোটদান কৰকঃ সৰ্বানন্দ সোণোৱাল
গোৱালপাৰা,০২ মে' (হি.স.)। গোৱালপাৰাত দুখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱ
দেশৰ উন্নয়নৰ স্বাৰ্থত বিজেপি প্ৰাৰ্থীক ভোটদান কৰকঃ সৰ্বানন্দ সোণোৱাল


গোৱালপাৰা,০২ মে' (হি.স.)। গোৱালপাৰাত দুখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। গুৱাহাটী লোকসভা সমষ্টিৰ বিজুলী কলিতা মেধিৰ হৈ প্ৰচাৰ কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ।

প্ৰথম খন দুধনৈ সমষ্টিৰ লালাবড়ীত আৰু দ্বিতীয় খন পশ্চিম গোৱালপাৰাৰ বৰদামালত। দুধনৈৰ লালাবড়ীত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল৷ ৫নং গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধীৰ হৈ নিৰ্বাচনী প্ৰচাৰ। সভাত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সণোৱালৰ ৰাইজলৈ আহ্বান, দেশৰ উন্নয়নৰ স্বাৰ্থত বিজেপি প্ৰাৰ্থীক ভোটদান কৰক।

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনকলৈ গুৱাহাটী লোকসভা সমষ্টিত গৰম হৈছে নিৰ্বাচনী প্ৰচাৰ সভা। গুৱাহাটী লোকসভা সমষ্টিটো বিজেপিৰ দখলত ৰাখিবলৈ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ প্ৰতি গৰাকী নেতা নামি পৰিছে ব্যাপক প্ৰচাৰ কাৰ্য্যত। গুৱাহাটী লোকসভা সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হোৱা দুধনৈ লালাবড়ীত আজি সৰ্বানন্দ সোনোৱালে উপস্থিত থাকি ৰাইজক উদ্দেশ্যে কেতবোৰ মন্তব্য আগবঢ়াই তেওঁ কয় “কংগ্ৰেছে দীৰ্ঘদিন শাসন কৰাৰ পিছতো উত্তৰ পূৱক সম্পূৰ্ণ অৱহেলা কৰিছে৷

উন্নয়নৰ ক্ষেত্ৰত কংগ্ৰেছৰ মহৎ উদ্দেশ্য নাছিল কেৱল নিজৰ নিজৰ পৰিয়ালৰ সুখ শান্তিৰ কথা ভাবিছিল৷ যাৰ বাবে ভাৰতবৰ্ষ পিছ পৰি আছিল৷ তেওঁ পুনৰ কয় যে ভাৰতবৰ্ষৰ ১১২খন অনুন্নত পিচপৰা জিলাৰ ভিতৰত অন্যতম গোৱালপাৰা জিলাক উন্নত জিলা হিচাবে আগবঢ়াই নিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে৷

গোৱালপাৰা জিলাৰ দুধনৈত অসমৰ দ্বিতীয়খন আয়ুৰ্বেদিক চিকিৎসালয় স্থাপনেৰে চিকিৎসা খণ্ডক আগুৱাই লৈ গৈছে আনহাতে গোৱালপাৰা জিলাৰ যোগীঘোপাত আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ লজিষ্টক পাৰ্ক নিৰ্মাণ কৰি থকা হৈছে৷ এই পাৰ্কখনৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিলে গোৱালপাৰা জিলাৰ অৰ্থনৈতিক বুনিয়াদ শক্তিশালী হৈ উঠিব৷ তেওঁ পুনৰ কয় কংগ্ৰেছে ৬০ বছৰৰো অধিক কাল শাসনত থকাৰ পিছতো অসমক শক্তিশালী অঞ্চল হিচাবে গঢ় দিব নোৱাৰিলে৷

তেও কয়, কংগ্ৰেছৰ শাসন কালত দহ নম্বৰ স্থানত থকা ভাৰতবৰ্ষক মোডীৰ নেতৃত্বত ভাৰতবৰ্ষই বিশ্বৰ পাঁচ নং স্থানত উপনীত হৈছে৷ কংগ্ৰেছৰ প্ৰধানমন্ত্ৰীয়ে বিদেশত সন্মান বুটলিব পৰা নাছিল ৷ ২০১৪ চনৰ পৰা মোডীয়ে “সৱ কা সাথ সৱ কা বিকাশ”ৰ জৰিয়তে ভাৰতবৰ্ষক বিশ্বৰ শ্ৰেষ্ঠ দেশ হিচাবে গঢ়ি তুলি ভাৰতক তিনি নম্বৰ স্থানলৈ উপনীত কৰাব৷ সেয়েহে নৰেন্দ্ৰ মোডীক তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত কৰাবলৈ গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধীক পদুমৰ ছবিত ভোট দি জয়যুক্ত কৰক৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ/ৰমেন/আলোক.


 rajesh pande