আজি উত্তৰ প্ৰদেশৰ তিনিখন জিলাত বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী শ্বাহৰ নিৰ্বাচনী প্ৰচাৰ
নতুন দিল্লী, ০২ মে’ (হি.স.)। ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত
অমিত শ্বাহ


নতুন দিল্লী, ০২ মে’ (হি.স.)। ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে আজি উত্তৰ প্ৰদেশৰ নিৰ্বাচনী ভ্ৰমণলৈ যাব। এই সাধাৰণ নিৰ্বাচনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৪০০ অতিক্ৰম কৰাৰ লক্ষ্য পূৰণৰ বাবে শ্বাহে দিনে নিশাই প্ৰচাৰ চলাইছে। বিজেপিয়ে দলৰ জ্যেষ্ঠ নেতা, কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহৰ আজিৰ নিৰ্বাচনী ভ্ৰমণৰ কাৰ্যসূচী নিজৰ এক্স হেণ্ডেলত শ্বেয়াৰ কৰিছে।

বিজেপিৰ এক্স হেণ্ডেলৰ তথ্য অনুসৰি আজি বৰেলীৰ পৰা আৰম্ভ হ’ব দলৰ নেতা অমিত শ্বাহৰ উত্তৰ প্ৰদেশ ভ্ৰমণ। দিনৰ ১২:৩০ বজাত ৰামলীলা ময়দানত বিজেপিৰ বিশাল ৰাজহুৱা সভাত ভাষণ দিব শ্বাহে। ইয়াৰ পিছত শ্বাহ বদাঁয়ু পাবগৈ। গৃহমন্ত্ৰী শ্বাহে দিনৰ ২:১৫ বজাত ইয়াৰ ইছলামিয়া ইণ্টাৰ কলেজৰ খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া দলৰ ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব। আজি উত্তৰ প্ৰদেশ ভ্ৰমণৰ শেষত সীতাপুৰত এখন ৰাজহুৱা সভাত ভাষণ দিব। এই জনসভা লাহৰপুৰত সন্ধিয়া ৪ বজাত অনুষ্ঠিত হ'ব।

হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ


 rajesh pande