খাৰুৱা তেলৰ উইণ্ডফল টেক্স প্ৰতি মেট্ৰিক টনত ৮৪০০ টকালৈ হ্ৰাস
- এ টি এফ, ডিজেল আৰু পেট্ৰ’লৰ ৰপ্তানিৰ ওপৰত শুল্ক শূন্যত অপৰিৱৰ্তিত নতুন দিল্লী, ০১ মে’ (হি.স.)। ক
তেল


- এ টি এফ, ডিজেল আৰু পেট্ৰ’লৰ ৰপ্তানিৰ ওপৰত শুল্ক শূন্যত অপৰিৱৰ্তিত

নতুন দিল্লী, ০১ মে’ (হি.স.)। কেন্দ্ৰীয় চৰকাৰে ঘৰুৱা খাৰুৱা তেলৰ ওপৰত উইণ্ডফল টেক্স কৰ্তন কৰিছে। খাৰুৱা তেলৰ উইণ্ডফল কৰ প্ৰতি মেট্ৰিক টনত ৯৬০০ টকাৰ পৰা ৮৪০০ টকালৈ হ্ৰাস কৰা হৈছে। কিন্তু বিমান ইন্ধন (এ টি এফ), ডিজেল আৰু পেট্ৰ’লৰ ৰপ্তানিৰ ওপৰত শুল্ক শূন্যত ৰখা হৈছে। বুধবাৰৰ পৰা কাৰ্যকৰী হৈছে এই নতুন হাৰ।

ইয়াৰ পূৰ্বে ২০২৪ চনৰ ১৬ এপ্ৰিলত কেন্দ্ৰীয় চৰকাৰে ঘৰুৱা খাৰুৱা তেলৰ উইণ্ডফল টেক্স প্ৰতি মেট্ৰিক টনত ৬৮০০ টকাৰ পৰা ৯৬০০ টকালৈ বৃদ্ধি কৰিছিল। এই কৰ বিশেষ অতিৰিক্ত আবকাৰী শুল্ক (এছএইডি) ৰূপত আৰোপ কৰা হয়। ২০২২ চনৰ ১ জুলাইত প্ৰথমবাৰৰ বাবে চৰকাৰে আৰোপ কৰিছিল উইণ্ডফল টেক্স। ইয়াৰ কাৰ্যকৰীকৰণৰ লগে লগে ভাৰতে শক্তি কোম্পানীসমূহৰ অসাধাৰণ লাভৰ ওপৰত কৰ আৰোপ কৰা দেশসমূহৰ তালিকাত যোগদান কৰে।

আচলতে চৰকাৰে যোৱা দুসপ্তাহৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ গড় মূল্যৰ ওপৰত ভিত্তি কৰি প্ৰতি পষেকতে কৰ হাৰ পৰ্যালোচনা কৰে। এই কৰ বিশেষ অতিৰিক্ত আবকাৰী শুল্ক (এছএইডি) হিচাপে আৰোপ কৰা হয়।

হিন্দুস্থান সমাচাৰ/প্ৰজেশ/মনোজ


 rajesh pande