বহিঃৰাজ্যত সন্ধানহীন টিংখাঙৰ ভালুকমৰা গাঁৱৰ এজন ব্যক্তি
ডিব্ৰুগড়, ৩০ এপ্ৰিল (হি স)। কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ গৈ সন্ধানহীন হৈ পৰিছে টিংখাঙৰ ভালুকমৰা গাঁৱৰ
বহিঃৰাজ্যত সন্ধানহীন টিংখাঙৰ ভালুকমৰা গাঁৱৰ এজন ব্যক্তি


ডিব্ৰুগড়, ৩০ এপ্ৰিল (হি স)। কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ গৈ সন্ধানহীন হৈ পৰিছে টিংখাঙৰ ভালুকমৰা গাঁৱৰ এজন ব্যক্তি । উমাকান্ত বৰা (৫৫) নামৰ লোকজনে যোৱা ২০ এপ্ৰিলত ঘৰৰ পৰা দিনৰ ভাগত ওলাই গৈছিল ।

জানিব পৰামতে, একে গাঁৱৰে হৰিপ্ৰসাদ ভুমিজ আৰু কাজি নামৰ লোক দুজনৰ সৈতে তিনিচুকীয়াৰ পৰা অন্ধপ্ৰদেশ লৈ বুলি ৰেলেৰে ৰাওনা হৈছিল । ইয়াৰ পিছতে সোমবাৰে পুৱা শেষ বাৰৰ বাবে ফোনত যোগাযোগ হয় । মঙলবাৰে দুপৰীয়াৰ লগৰ এজনৰ লগত যোগাযোগ হয় যদিও উমাকান্ত বৰা সৈতে কথা হোৱা নাছিল । তেওঁৰ লগৰ এজনে উমাকান্ত বৰা বিয়লি কোঠাৰ পৰা ওলাই গৈ বৰ্তমান লৈকে ঘুৰি অহা নাই অৱগত কৰে । ইয়াৰ পিছৰে পৰা উমাকান্ত বৰাৰ সৈতে কোনো যোগাযোগ হোৱা নাই পৰিয়ালটোৰ । উমাকান্ত বৰাৰ নিৰুদ্দেশৰ খৱৰ পোৱাৰ পিছতে পৰিয়ালটোত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ।

উল্লেখ্য যে, মঙ্গল নামৰ এজন লোকে তেওঁলোকক অন্ধপ্ৰদেশলৈ প্ৰেৰণ কৰিছিল ।

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ


 rajesh pande