মৰিগাঁও মিকিৰগাঁও লাঠৰবড়িত পথ দুৰ্ঘটনাত নিহত এজন
মৰিগাঁও, ৩০ এপ্ৰিল (হি স)। মৰিগাঁও জিলাৰ মিকিৰগাঁৱৰ লাঠৰবড়িত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত এজন লোক ন
মৰিগাঁও মিকিৰগাঁও লাঠৰবড়িত পথ দুৰ্ঘটনাত নিহত এজন


মৰিগাঁও, ৩০ এপ্ৰিল (হি স)। মৰিগাঁও জিলাৰ মিকিৰগাঁৱৰ লাঠৰবড়িত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত এজন লোক নিহত হৈছে। পথ দুৰ্ঘটনাত পতিত হয় ইটা ভাটালৈ কেঁচা ইটা কঢ়িয়াই নিয়া বাহন এখন।

জানিব পৰামতে, পথৰ ওপৰতে বাগৰি পৰে কেঁচা ইটা ভৰ্তি এএছ ০১ কেচি ০৫৮৭ নম্বৰৰ টাটা ডি আই বাহনখন। বাহনখনে তলত পৰি ঠাইতে মৃত্যু হয় বাহন খনৰ লেবাৰ এজনৰ আৰু আঘাটপ্ৰাপ্ত হয় অন্য দুজন। আঘাটপ্ৰাপ্ত লেবাৰ দুজনক ৰাইজে উদ্ধাৰ কৰি চিকিৎসলায়লৈ প্ৰেৰণ কৰে। দুর্ঘটনাত মৃত বাহনখনৰ লেবাৰ জন কালিকাজাৰীৰ ইজাজুল ইছলাম বুলি পৰিচয় পোৱা গৈছে।

অন্যহাতে দুর্ঘটনা সংঘটিত হোৱাৰ পিছতেই পলায়ন কৰে বাহন খনৰ চালক জনে। উল্লেখ্য় যে এ (A) নামৰ ইটা ভাটাটোলৈ কঢ়িয়াই নিছিল কেঁচা ইটাখিনি।

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ


 rajesh pande