কাছাৰৰ বাশঁকান্দিত অচিনাক্ত বাহনৰ খুন্দাত নিহত প্ৰাক্তন আৰক্ষী কৰ্মী
কাছাৰ, ৩০ এপ্ৰিল (হি স)। কাছাৰ জিলাৰ বাশঁকান্দিত অচিনাক্ত বাহনৰ খুন্দাত মৃত্যুমুখত পৰিছে এগৰাকী প্ৰা
কাছাৰৰ বাশঁকান্দিত অচিনাক্ত বাহনৰ খুন্দাত নিহত প্ৰাক্তন আৰক্ষী কৰ্মী


কাছাৰ, ৩০ এপ্ৰিল (হি স)। কাছাৰ জিলাৰ বাশঁকান্দিত অচিনাক্ত বাহনৰ খুন্দাত মৃত্যুমুখত পৰিছে এগৰাকী প্ৰাক্তন আৰক্ষী কৰ্মী । মৃতকৰ নাম আজিম উদ্দিন লস্কৰ বুলি পৰিচয় পোৱা গৈছে।

জানিব পৰা মতে, নিশা শিলচৰ ইম্ফল ৰাষ্ট্ৰীয় ঘাইপথত খোজকাঢ়ি যোৱাৰ সময়ত বাশঁকান্দি অঞ্চলত অচিনাক্ত বাহনে দ্ৰুতগতিত খুন্দা মাৰি ৰাজপথত পেলাই থৈ যায় আজিম উদ্দিনক । পিছত পথচাৰী সকলে ৰাজপথৰ কাষত মৃতদেহ প্ৰত্যক্ষ কৰি খৱৰ দিয়ে আৰক্ষীক ৷ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজত প্ৰেৰণ কৰে ৷

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ


 rajesh pande