ধুমুহা আৰু শিলাবৃষ্টিত নগাঁৱৰ ৰূপহীহাটত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত দুজন লোক
নগাঁও, ২৯ এপ্ৰিল (হি.স.): দেওবাৰে সন্ধিয়াৰ ভাগত অহা এজাক ধুমুহা আৰু শিলাবৃষ্টিত নগাঁৱৰ ৰূপহীহাটত গু
ধুমুহা আৰু শিলাবৃষ্টিত নগাঁৱৰ ৰূপহীহাটত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত দুজন লোক


নগাঁও, ২৯ এপ্ৰিল (হি.স.): দেওবাৰে সন্ধিয়াৰ ভাগত অহা এজাক ধুমুহা আৰু শিলাবৃষ্টিত নগাঁৱৰ ৰূপহীহাটত গুৰুতৰভাবে আহত হৈছে দুজন লোক।

এই ধুমুহাৰ ফলত বহু লোক আঘাত প্ৰাপ্ত হয়।

ধুমুহাৰ ফলত গুৰুতৰভাৱে আঘাত প্ৰাপ্ত লোক কেইজন গুণাবাড়ীৰ আব্দুল মালেক আৰু হাতীপাৰাৰ জহিৰুল ইছলাম বুলি জানিব পৰা গৈছে। তেওঁ লোকক ততাতৈয়াকৈ ৰূপহী মডেল হস্পিতালত ৰোগীক ভৰ্তি কৰোৱাই যদিও উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হয়।

দেওবাৰৰ এই বিধ্বংসী ধুমুহাত লাওঁখোৱা,লাইলুৰি,শিঙিমাৰী, ছাইদৰীয়া আদি অঞ্চলত বিস্তৰ ক্ষতি সাধন হয়।

হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ


 rajesh pande