মুকলি আকাশৰ তলত চলিছে ছিপাঝাৰৰ দক্ষিণ কমাৰগাওঁ অংগণৱাড়ী কেন্দ্ৰ
দৰং, ২৯ এপ্ৰিল (হি স)। ছিপাঝাৰৰ দক্ষিণ কমাৰগাওঁ অংগণৱাড়ী কেন্দ্ৰটি সম্প্ৰতি মুকলি আকাশৰ তলত চলাৱলগী
মুকলি আকাশৰ তলত চলিছে ছিপাঝাৰৰ দক্ষিণ কমাৰগাওঁ অংগণৱাড়ী কেন্দ্ৰ


দৰং, ২৯ এপ্ৰিল (হি স)। ছিপাঝাৰৰ দক্ষিণ কমাৰগাওঁ অংগণৱাড়ী কেন্দ্ৰটি সম্প্ৰতি মুকলি আকাশৰ তলত চলাৱলগীয়া হৈছে। দুবছৰৰ আগতে ধুমুহাই উৰুৱাই নিছিল ছিপাঝাৰৰ দক্ষিণ কমাৰগাওঁ অংগণৱাড়ী কেন্দ্ৰটোৰ টিনপাতসমূহ। যাৰ ফলত এইদৰে মুকলি আকাশৰ তলত পাঠদান কৰিব লগা হৈছে অংগনৱাড়ী কেন্দ্ৰটোৰ কণ কণ শিশু সকলক।

ইফালে কেন্দ্ৰটোত নাই খোৱাপানী আৰু অনাময় ব্যৱস্থা । আন্তঃগাথঁনি বিধস্ত হৈ পৰা অংগণৱাড়ী কেন্দ্ৰটোৰ পুণৰ নিৰ্মাণৰ বাবে অনুৰোধ জনাই আহিছে যদিও কাণসাৰ দিয়া নাই বিভাগীয় কৰ্তৃপক্ষই। ইফালে উক্ত অংগণৱাড়ী কেন্দ্ৰটি আদৰ্শ অংগণৱাড়ী কেন্দ্ৰ হিচাপে গঢ় দিয়াৰ বাবে তালিকাভুক্ত কৰা হৈছে যদিও এই পৰ্যন্ত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ


 rajesh pande