মানাহ ৰাষ্ট্ৰীয় উদ্যানত পুনৰ গঁড়ৰ চোঁচা
বাক্সা, ২৯ এপ্ৰিল (হি স)। মানাহ ৰাষ্ট্ৰীয় উদ্যানত পুনৰ গঁড়ৰ চোঁচা লোৱাৰ ঘটনা সংঘটিত হৈছে। এইবাৰ বন
মানাহ ৰাষ্ট্ৰীয় উদ্যানত পুনৰ গঁড়ৰ চোঁচা


বাক্সা, ২৯ এপ্ৰিল (হি স)। মানাহ ৰাষ্ট্ৰীয় উদ্যানত পুনৰ গঁড়ৰ চোঁচা লোৱাৰ ঘটনা সংঘটিত হৈছে। এইবাৰ বনকৰ্মীৰ বাহনলৈ তীব্ৰ চোঁচা লয় গঁড় এটাই। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জত এই ঘটনা ঘটিছে।

প্ৰাপ্ত তথ্যমতে, মানাহৰ মথনগুৰি-বাঁহবাৰী পথত সংঘটিত হৈছে শিহৰণকাৰী ঘটনাটো। কৰ্তব্যৰত অৱস্থাত থকা বনকৰ্মীৰ এখন বাহনলৈ তীব্ৰ বেগত চোঁচা লয় এটি প্ৰকাণ্ড গঁড়ে। অৱশ্যে চালকৰ তৎপৰতাৰ বাবে বনকৰ্মীসকলক ক্ষতি কৰিব নোৱাৰিলে গঁড়টোৱে।

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ


 rajesh pande