নাজিৰাত পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত
শিৱসাগৰ, ২৯ এপ্ৰিল (হি.স.): শিৱসাগৰ জিলাৰ নাজিৰাত দেওবাৰে নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। নামত
নাজিৰাত পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত


শিৱসাগৰ, ২৯ এপ্ৰিল (হি.স.): শিৱসাগৰ জিলাৰ নাজিৰাত দেওবাৰে নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। নামতি দিশৰ পৰা অহা এএছ ০৩ একে ১৬৩৭ নম্বৰৰ পালছাৰ বাইকে এখনে নিয়ন্ত্ৰণ হেৰুৱাই মহতীয়াই নিয়ে ৫০ বছৰ উৰ্দ্ধৰ মণিৰাম নেওগ নামৰ ব্যক্তিজনক। ফলত থিতাতে মৃত্যুক সাৱতি লয় বাঁহগড়া নিবাসী মণিৰাম নেওগ নামৰ ব্যক্তিজনে।

ইফালে এই দুৰ্ঘটনাটোত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয় বাইক আৰোহী লক্ষ্মীনাথ সোণোৱাল নামৰ ব্যক্তিজন। স্থানীয় ৰাইজে ততাতৈয়াকৈ বাইক আৰোহী গৰাকী চিকিৎসালয় ভৰ্তি কৰাই যদিও বৰ্তমান ব্যক্তিজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ


 rajesh pande