যোৰহাটৰ টীয়কৰ কাকজানত নিশা পথ দুৰ্ঘটনা
যোৰহাট, ২৯ এপ্ৰিল (হি স)। যোৰহাট জিলাৰ টীয়কৰ কাকজানত যোৱানিশা পুনৰ এক দুৰ্ঘটনা সংঘটিত হয়। যোৰহাট
যোৰহাটৰ টীয়কৰ কাকজানত নিশা পথ দুৰ্ঘটনা


যোৰহাট, ২৯ এপ্ৰিল (হি স)। যোৰহাট জিলাৰ টীয়কৰ কাকজানত যোৱানিশা পুনৰ এক দুৰ্ঘটনা সংঘটিত হয়। যোৰহাটৰ দিশৰ পৰা শিৱসাগৰ দিশে মটৰ চাইকেলেৰে আহি থকা অৱস্থাত ৰাষ্ট্ৰীয় ঘাইপথৰ কাকজান নদীৰ ওপৰত নিৰ্মিয়মান দলঙত খুন্দা মৰাৰ ফলত সংঘটিত হয় দূৰ্ঘটনাটো । দূৰ্ঘটনাটোত গুৰুতৰ ভাৱে আহত হয় দুজন যুৱক ।

আহত যুৱক দুজনক চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয় । যুৱক দুজন শিৱসাগৰ জিলাৰ সোনাৰীৰ বৰাহীৰ বুলি জানিব পৰা গৈছে । পথৰ সাংকেতিক চিহ্ন নথকাৰ বাবেই শনিবাৰে সংঘটিত হোৱা স্থানতে পুনৰ সংঘটিত হয় দূৰ্ঘটনাটো। চাৰিলেনযুক্ত পথ সম্প্ৰসাৰণৰ কামৰ সৈতে জড়িত নিৰ্মাণ সংস্থাৰ চৰম দায়িত্বজ্ঞানহীনতাৰ বাবে সংঘটিত হয় দূৰ্ঘটনাটো।

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ


 rajesh pande