নগাঁৱৰ বৃহত্তৰ অঞ্চলত প্ৰচণ্ড বতাহ-ধুমুহাত বিস্তৰ ক্ষতিসাধন, ব্যাহত বিদ্যুৎসেৱা
নগাঁও, ২৯ এপ্ৰিল (হি.স.): নগাঁৱৰ চামগুৰি, পুৰণিগুদাম, চলচলিৰ বৃহত্তৰ অঞ্চলত যোৱাকালি সন্ধিয়া অহা প্
নগাঁৱৰ বৃহত্তৰ অঞ্চলত প্ৰচণ্ড বতাহ-ধুমুহাত বিস্তৰ ক্ষতিসাধন, ব্যাহত বিদ্যুৎসেৱা


নগাঁও, ২৯ এপ্ৰিল (হি.স.): নগাঁৱৰ চামগুৰি, পুৰণিগুদাম, চলচলিৰ বৃহত্তৰ অঞ্চলত যোৱাকালি সন্ধিয়া অহা প্ৰচণ্ড বতাহ-ধুমুহাত বিস্তৰ ক্ষতিসাধন হয়। ধুমুহাৰ ফলত বিদ্যুৎসেৱা ব্যাহত হৈ পৰে।

ইফালে ধুমুহাত নগাঁৱৰ চামগুৰিৰ ৰাজপথত চলন্ত মিনিট্ৰাকৰ ওপৰত বাগৰিল গছ। ফলত চালক গৰাকী আঘাতপ্ৰাপ্ত হোৱাত তেওঁক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ধুমুহাত বৃহদাকাৰ গছ বাগৰি পৰাত চামগুৰি-উদমাৰি সংযোগী ৰাজপথ অৱৰুদ্ধ হৈ পৰে । ফলত পথটোৰে যাতায়ত ব্যাহত হৈ পৰে।

নগাঁৱৰ পুৰণিগুদাম আৰু চলচলিৰ বিভিন্ন স্থানত ধুমুহাৰ ফলত গছগছনি তচনচ হৈ পৰে আৰু একাধিক ঘৰ-দুৱাৰৰো ক্ষতিসাধন হয়।

হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ


 rajesh pande