আদানি কানেক্সৰ ১.৪৪ বিলিয়ন ডলাৰ সংগ্ৰহ কৰিবলৈ বহনক্ষমতা সংযুক্ত বিত্তীয় সাহায্য গঠন
আহমেদাবাদ, ২৮ এপ্ৰিল (হি.স.)। আদানী কানেক্সে ভাৰতৰ সৰ্ববৃহৎ বহনক্ষমতা লিংকড ফাইনেন্সিং স্থাপন কৰি ১.
আদানী


আহমেদাবাদ, ২৮ এপ্ৰিল (হি.স.)। আদানী কানেক্সে ভাৰতৰ সৰ্ববৃহৎ বহনক্ষমতা লিংকড ফাইনেন্সিং স্থাপন কৰি ১.৪৪ বিলিয়ন মাৰ্কিন ডলাৰ সংগ্ৰহ কৰিছে। এই বিত্তীয় সাহায্যৰ প্ৰাৰম্ভিক প্ৰতিশ্ৰুতি ৮৭৫ মিলিয়ন মাৰ্কিন ডলাৰ যদিও চুক্তিৰ অধীনত ইয়াক ১.৪৪ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধি কৰিব পাৰি। ইয়াৰ ফলত ২০২৩ চনৰ জুন মাহত কাৰ্যকৰী হোৱা ২১৩ মিলিয়ন মাৰ্কিন ডলাৰৰ প্ৰথমটো নিৰ্মাণ সুবিধাৰ ভিত্তিত আদানী কানেক্সে নিজৰ নিৰ্মাণ বিত্তীয় পুল ১৩,৭০০ কোটি টকালৈ লৈ যাব পাৰিব।

দেওবাৰে ইয়াত প্ৰকাশ কৰা এক বিবৃতিত কোম্পানীটোৱে কয় যে আগন্তুক ডাটা চেণ্টাৰসমূহত অত্যাধুনিক প্ৰযুক্তি আৰু নবীকৰণযোগ্য শক্তিৰ সমাধান ব্যৱহাৰ কৰা হ’ব। ইয়াৰ ফলত পৰিৱেশৰ ক্ষতি কম হ’ব আৰু এই ডাটা চেণ্টাৰসমূহ চলোৱাৰ খৰচো হ্ৰাস পাব। এই প্ৰকল্পটোৱে কোম্পানীটোৰ সুৰক্ষাক অগ্ৰাধিকাৰ দিব আৰু কোম্পানীটোৱে বিশ্বৰ ভিতৰতে সৰ্বনিম্ন শক্তি খৰচ (পিইউই) লাভ কৰিব বুলিও খবৰ ওলাইছে। ইয়াৰ বাবে কোম্পানীটোৱে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা উত্তম পদ্ধতি গ্ৰহণ কৰিব আৰু নবীকৰণযোগ্য শক্তি সম্পদ ব্যৱহাৰ কৰিব।

এই বিত্তীয় পৰিকল্পনাৰ বিশেষ বৈশিষ্ট্য হ’ল ই এক অভিনৱ নিশ্চয়তা কাৰ্যসূচী যিয়ে প্ৰকল্পটোৰ ক্ৰয় কৌশলৰ সৈতে সংগতি ৰাখি কাম কৰে। এই পৰিকল্পনাৰ বাবে আঠটা আন্তঃৰাষ্ট্ৰীয় ঋণদাতা আই এন জি বেংক এন ভি, ইণ্টেছা ছানপাওলো, কে এফ ডব্লিউ আই পি ই এক্স, এম ইউ এফ জি বেংক লিমিটেড, নাটিক্সিছ, ষ্টেণ্ডাৰ্ড চাৰ্টাৰ্ড বেংক, ছ’চাইটি জেনেৰেল আৰু চুমিটোমো মিটছুই বেংকিং কৰ্প’ৰেশ্যনৰ সৈতে চুক্তি স্বাক্ষৰিত হৈছে। কোম্পানীটোৱে বিশ্বাস কৰে যে বিত্তীয় সাহায্যৰ এই নতুন পদ্ধতিটো বহনক্ষম ডিজিটেল আন্তঃগাঁথনি গঢ়ি তোলাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ, যিয়ে অৰ্থনৈতিক বৃদ্ধিত সহায় কৰিব আৰু ভাৰতৰ ডিজিটেল উন্নয়ন ত্বৰান্বিত কৰিব।

আদানী কানেক্সৰ চিইঅ’ জেয়া কুমাৰ জনকৰাজে কয় যে এই প্ৰচেষ্টাই সকলো অংশীদাৰৰ এক শক্তিশালী আৰু বহনক্ষম ডিজিটেল আন্তঃগাঁথনি স্থাপনৰ ইচ্ছা প্ৰমাণ কৰিছে। ইয়াৰ দ্বাৰা নতুন মানদণ্ডও প্ৰতিষ্ঠা হ’ব। নিৰ্মাণ বিত্তীয় সাহায্য আদানী কানেক্সৰ মূলধন ব্যৱস্থাপনা পৰিকল্পনাৰ অংশ। ইয়াৰ দ্বাৰা পৰিৱেশ অনুকূল বহনক্ষম ডাটা চেণ্টাৰ সৃষ্টি কৰাত সহায়ক হ’ব। “আমাৰ আন্তঃৰাষ্ট্ৰীয় বেংকিং অংশীদাৰসকলৰ সৈতে একেলগে এই কাম আৰম্ভ কৰি আমি আনন্দিত হৈছো।”

এই গুৰুত্বপূৰ্ণ কামত বহু বেংকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। আই এন জি বেংক এন ভি, ইণ্টেছা ছানপাওলো, কে এফ ডব্লিউ আই পি ই এক্স, এম ইউ এফ জি বেংক লিমিটেড, নটিক্সিছ, ষ্টেণ্ডাৰ্ড চাৰ্টাৰ্ড বেংক, ছ’চাইটি জেনেৰেল আৰু চুমিটোমো মিটছুই বেংকিং কৰ্প’ৰেশ্যনে মুখ্য ঋণদাতা হিচাপে কাম কৰিছিল। এই চুক্তিৰ গাঁথনিত আই এন জি বেংক এন ভি আৰু এম ইউ এফ জি বেংক লিমিটেডে মূল ভূমিকা পালন কৰিছে। ইয়াৰ উপৰিও আই এন জি বেংক এন ভি এম ইউ এফ জি বেংক লিমিটেড আৰু চুমিটোমো মিটছুই বেংকিং কৰ্পৰেশ্যনেও পৰিৱেশ অনুকূলতা নিশ্চিত কৰাৰ বাবে সমন্বয়ক হিচাপে কাম কৰিছে। ঋণ কোম্পানীটোৰ আইনী উপদেষ্টা আছিল এলেন এণ্ড অভাৰী আৰু চাৰাফ এণ্ড পাৰ্টনাৰ্ছ।

হিন্দুস্থান সমাচাৰ/বিনোদ/মনোজ


 rajesh pande