২৯ এপ্ৰিলত গুৱাহাটীলৈ আহিব অমিত শ্বাহ, ৰোড শ্ব'ত কৰিব অংশগ্ৰহণ
গুৱাহাটী, ২৭ এপ্ৰিল (হি.স.)। ২৯ এপ্ৰিলত গুৱাহাটীলৈ আহিব বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্
অমিত শ্বাহ


গুৱাহাটী, ২৭ এপ্ৰিল (হি.স.)। ২৯ এপ্ৰিলত গুৱাহাটীলৈ আহিব বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। ইয়াত তেওঁ ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব। এই কাৰ্যসূচীৰ প্ৰস্তুতি পূৰ্ণগতিত কৰা হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহৰ গুৱাহাটী ভ্ৰমণৰ কথা নিশ্চিত কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে অমিত শ্বাহ অহা ২৯ মে’ত গুৱাহাটীলৈ আহি আছে বিশাল ৰোড শ্ব’ত অংশগ্ৰহণ কৰিবলৈ। চাইকেল ফেক্টৰীৰ পৰা গুৱাহাটীৰ লাল গণেশলৈ আয়োজন কৰা হ’ব এই ৰোড শ্ব’। তেওঁ কয় যে এই অনুষ্ঠানৰ বাবে এনে এক কাৰ্য্য পৰিকল্পনা প্ৰস্তুত কৰা হৈছে যে ইয়াক কোনো ধৰণৰ যান-জঁট নোহোৱাকৈ ভৱ্য আৰু শান্তিপূৰ্ণভাৱে সম্পূৰ্ণ কৰিব পৰা যায়।

হিন্দুস্থান সমাচাৰ/শ্ৰী প্ৰকাশ/মনোজ


 rajesh pande