আজি আৰু কাইলৈ উত্তৰাখণ্ডত থাকিব ৰাষ্ট্ৰপতি মুৰ্মু, সন্ধিয়া ঋষিকেশ এইমছৰ চতুৰ্থ সমাৱৰ্তনত অংশগ্ৰহণ
ডেৰাডুন, ২৩ এপ্ৰিল (হি.স.)। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আজিৰে পৰা দুদিনীয়াকৈ উত্তৰাখণ্ড ভ্ৰমণ কৰিব
ৰাষ্ট্ৰপতি


ডেৰাডুন, ২৩ এপ্ৰিল (হি.স.)। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আজিৰে পৰা দুদিনীয়াকৈ উত্তৰাখণ্ড ভ্ৰমণ কৰিব । তেওঁ আজি ঋষিকেশ এইমছৰ চতুৰ্থ সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ছাত্ৰ-ছাত্ৰীক পদক বিতৰণ কৰিব ৰাষ্ট্ৰপতিয়ে। তেওঁৰ আগমনৰ লগে লগে বিশদ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে।

আজি বিয়লি ৪ বজাত বিশেষ বিমানেৰে জলী গ্ৰাণ্ট বিমানবন্দৰত উপস্থিত হ’ব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু। ৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল গুৰমীত সিং আৰু মুখ্যমন্ত্ৰী পুষ্কৰ ধামীয়ে তেওঁক আদৰণি জনাব। সন্ধিয়া ৪.৩০ বজাত ঋষিকেশ এইমছত আয়োজিত সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে। কাৰ্যসূচীত ৰাজ্যপাল আৰু নিটি আয়োগৰ সদস্য ড. বিনোদ কে. পাল অনুষ্ঠানৰ বিশেষ অতিথি হ’ব।

সমাৱৰ্তনৰ অন্তত পৰমৰ্থ নিকেতনৰ গংগা ঘাটত গংগা আৰতিত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে। ইয়াৰ পিছত হেলিকপ্টাৰেৰে ডেৰাডুন জিটিচি পাবগৈ। ইয়াৰ পৰা ৰাষ্ট্ৰপতিয়ে পোনপটীয়াকৈ ৰাজভৱনলৈ গৈ নিশাটো জিৰণি ল’ব। পিছদিনা ৰাষ্ট্ৰপতিয়ে এফ আৰ আইত আই এফ এছৰ সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

এইমছৰ কাৰ্যবাহী সঞ্চালক ঋষিকেশ, অধ্যাপক (ডাঃ) মীনু সিঙে কয় যে এয়া চতুৰ্থ সমাৱৰ্তন অনুষ্ঠান। ইয়াৰ পূৰ্বে ২০১৮ চনৰ ৩ নৱেম্বৰ, ২০২০ চনৰ ১৪ মাৰ্চ আৰু ২০২৩ চনৰ ১৩ জুলাইত তিনিবাৰকৈ এইমছত সমাৱৰ্তন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সমাৱৰ্তন অনুষ্ঠানত ৫৯৮ গৰাকী ছাত্ৰ-ছাত্ৰীক ডিগ্ৰী প্ৰদান কৰা হ’ব। এই সময়ছোৱাত ১৪ গৰাকী ছাত্ৰ-ছাত্ৰীৰ স্বৰ্ণ পদকৰ লগতে মুঠ ১৬ গৰাকী টপাৰকো পদক প্ৰদান কৰা হ’ব।

হিন্দুস্থান সমাচাৰ/ৰাজেশ/মনোজ


 rajesh pande