ৰাজস্থান আৰু ছত্তীশগড়ত আজি প্ৰধানমন্ত্ৰী মোডীৰ ৰাজহুৱা সভা
নতুন দিল্লী, ২৩ এপ্ৰিল (হি.স.)। দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ শীৰ্ষ নেতা আ
মোডীৰ সভা


নতুন দিল্লী, ২৩ এপ্ৰিল (হি.স.)। দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ শীৰ্ষ নেতা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত তীব্ৰ প্ৰচাৰ চলাইছে। আজি তেওঁ ৰাজস্থান আৰু ছত্তীশগড়ৰ তিনিটা স্থানত ৰাজহুৱা সভাত ভাষণ দিব। ভাৰতীয় জনতা পাৰ্টিৰ শীৰ্ষ প্ৰচাৰক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজিৰ নিৰ্বাচনী ভ্ৰমণৰ চমু সবিশেষ এক্স হেণ্ডেলত শ্বেয়াৰ কৰিছে।

বিজেপিৰ এক্স হেণ্ডেল অনুসৰি আজি পুৱা ১০.৪৫ বজাত ৰাজস্থানৰ টংক-ছাৱাই মাধোপুৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দলৰ ৰাজহুৱা সভাত ভাষণ দিব। নিৰ্বাচনী বিশ্লেষকসকলে কয় যে এইবাৰ প্ৰধানমন্ত্ৰীয়ে লোকসভা নিৰ্বাচনত ৪০০ অতিক্ৰম কৰাৰ সংকল্প পূৰণৰ বাবে দ্ৰুতগতিত আগবাঢ়িছে। ৰাজস্থানৰ পাছতে চত্তীশগড়ত উপস্থিত হ’ব প্ৰধানমন্ত্ৰীগৰাকী। বিয়লি ২.৪৫ বজাত জাঞ্জগিৰ-চাম্পা আৰু বিয়লি ৫ বজাত মহাছমুণ্ডত বিজেপিৰ বিশাল ৰাজহুৱা সভাত ভাষণ দিব।

হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ


 rajesh pande