স্বকীয় ভাষা, সংস্কৃতি আৰু পৰম্পৰা ৰক্ষাৰ বাবে একেখন মঞ্চত দহ টা জাতীয় সংগঠন
ধৰ্মান্তকৰণ আমাৰ দেশৰ জ্বলন্ত সমস্যা - বশিষ্ঠ বুজৰবৰুৱা ওডালগুৰি, ২৩ এপ্ৰিল (হি.স.)। ওডালগুৰি জিলা
খৈৰাবাৰীৰ কমিউনিটি সভাগৃহত দহ টা জাতীয় সংগঠনৰে বৈঠক 


ধৰ্মান্তকৰণ আমাৰ দেশৰ জ্বলন্ত সমস্যা - বশিষ্ঠ বুজৰবৰুৱা

ওডালগুৰি, ২৩ এপ্ৰিল (হি.স.)। ওডালগুৰি জিলাৰ খৈৰাবাৰীস্হ কমিউনিটি সভাগৃহত আজি দহ টা জাতীয় সংগঠনৰ সদস্য একেখন মঞ্চত বিভিন্ন ধৰনৰ জাতীয় সমস্যাৰ ওপৰত আলোচনাত মিলিত হয়৷ বিশেষকৈ সংগঠন সমূহে নিজ নিজ সমাজলৈ ভাষা সংস্কৃতি পৰম্পৰাৰ ক্ষেত্ৰত অহা অশনি সংকটক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে।

আগন্তুক সময়ত নিজ নিজ ভাষা সংস্কৃতি পৰম্পৰা ৰক্ষাৰ ক্ষেত্ৰত কেনেদৰে তেঁওলোকে একেলগ হৈ একেখন মঞ্চত কাম কৰিব তাৰ বাবে বিশেষ ভাৱে চিন্তা চৰ্চা কৰে। শ্লো পইজনৰ দৰে দিনক দিনে পাশ্চাত্য সংস্কৃতিৰ কৰাল গ্ৰাসত পৰি আমাৰ সমাজখনে কেনেদৰে নিজৰ স্বভিমান পাহৰি যাবলৈ ধৰিছে সেয়া সমাজৰ বাবে শুভ লক্ষণ নহয় বুলি সকলোৱে একেমুখে স্বীকাৰ কৰে। উল্লেখ্য যে আজিৰ এই সভাত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ, অসম ক্ষেত্ৰৰ ক্ষেত্ৰ প্ৰচাৰক বশিষ্ঠ বুজৰবৰুৱা উপস্থিত থাকে। সভাত সংগঠন সমূহে নিজৰ নিজৰ সংগঠনৰ কাৰ্যপদ্ধতিৰ বিষয়ে উপস্হাপন কৰি তেঁওলোকে লোৱা পদক্ষেপ সমূহক সকলোকে সহায় আগবঢ়াবলৈ আহ্বান জনায়।

আনহাতে বশিষ্ঠ বুজৰবৰুৱা নিজৰ ভাষণ প্ৰংগত কয় যে, ধৰ্মান্তকৰণ আমাৰ দেশৰ এক জ্বলন্ত সমস্যা আৰু এই ধৰ্মান্তকৰণৰ প্ৰথম চিকাৰ হয় আমাৰ সমাজৰ দৰিদ্ৰ জনজাতীয় লোকসকল। তেখেতসকলৰ দৰিদ্ৰতাৰ সুযোগ লৈ বিভিন্ন ধৰণৰ প্ৰলোভনেৰে কৰা ধৰ্মান্তকৰণ প্ৰক্ৰিয়াই তেখেতসকলৰ জনগোষ্ঠীয় ভাষা, ধৰ্ম আৰু সংস্কৃতিৰ অস্তিত্বলৈ ভয়ংকৰ ভাবুকি কঢ়িয়াই আনিছে বুলি মন্তব্য প্ৰকাশ কৰে৷ ধৰ্মৰ পৰিবৰ্তন মানেই সংস্কৃতিৰ পৰিবৰ্তন বুলি মন্তব্য কৰি তেখেতে ধৰ্ম-সংস্কৃতি বিহীন এটা জাতিয়ে কেতিয়াও এটা সম্পূৰ্ণ জাতি হিচাপে চিহ্নিত হ’ব নোৱাৰে বুলি প্ৰকাশ কৰে। ধৰ্মান্তৰিত হোৱাৰ লগে লগেই ব্যক্তিজনে প্ৰথমে ধৰ্মীয় পৰম্পৰাগত ৰীতি-নীতি সলনি কৰে আৰু লাহে লাহে পূৰ্বৰ জনজাতীয় পৰম্পৰাগত নীতি- নিয়ম সমূহ যেনে বিবাহ, মৃতকৰ সৎকাৰ কৰ্ম আদিৰ সংস্কাৰ পদ্ধতিও সলনি কৰি শেষত সকলো ত্যাগ কৰে। এনেদৰে এই ধৰ্মান্তকৰণ প্ৰক্ৰিয়া চলি থাকিলে অতি সোনকালে অসমৰ জনজাতি- বড়ো, তিৱা, কাৰ্বি, ডিমাছা, গাৰো, ৰাভা, মিচিং আদি জনজাতি সকলৰ মূল-ভাষা, ধৰ্ম, সংস্কৃতি, আৰু পৰম্পৰাগত ৰীতি-নীতি হেৰুৱাই কেৱল পোছাকী বড়ো, তিৱা, কাৰ্বি, ডিমাছা, গাৰো, ৰাভা, মিচিং আদি হৈ থাকিব বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেঁও লগতে কয় যে নিজস্ব ভাষা, ধৰ্ম, সংস্কৃতি পৰম্পৰাগত ৰীতি-নীতিয়েই এটা জাতিৰ চিনাকিৰ মূল উপাদান। ধৰ্মৰ পৰিবৰ্তন মানেই সংস্কৃতিৰ পৰিবৰ্তন। সেয়েহে ধৰ্ম হেৰালেই সংস্কৃতি হেৰায়। ধৰ্ম সংস্কৃতি অবিহনে এটা জাতি হ’ব নোৱাৰে। ধৰ্ম সলনি হোৱাৰ লগে লগেই সংস্কৃতি সলনি হয়।

এটা জাতিৰ নিজস্ব ভাষা, ধৰ্ম, সংস্কৃতি আৰু পৰম্পৰাক পৰষ্পৰৰ পৰা পৃথক কৰিব নোৱাৰি বুলি তেখেতে মন্তব্য কৰি নিজস্ব ভাষা, ধৰ্ম, সংস্কৃতি পৰম্পৰাগত ৰীতি-নীতি ত্যাগ কৰিলে সেই জাতিৰ অস্তিত্ব নিঃশেষ হৈ যায় বুলি কয়৷ লগতে তেঁও কয় যে সকলোবোৰ সংগঠনে একেলগ হৈ নিজ নিজ ধৰ্ম সংস্কৃতি ৰক্ষাৰ বাবে কাম কৰি যাব লাগিব, আমাৰ মাজত সাংস্কৃতিক বিনিময় হব লাগিব। আমাৰ সকলো ভাষাই ৰাষ্ট্ৰীয় ভাষা বুলি সদৰি কৰি সকলোৱে মিলি সকলোৰে ভাষাক সন্মান জনাই ভাষা উন্নতিৰ বাবে কাম কৰিবলৈ আহ্বান জনায়।

উল্লেখ্য যে আজিৰ এই সোভাত ওদালগুৰি জিলাৰ ওদালগুৰি বড়ো ছাত্ৰ সন্থা, ৰাভা ছাত্ৰ সন্থা, শৰণীয়া কছাৰী ছাত্ৰ সংগঠন, মাণ্ডাই বৰ্মন ছাত্ৰ সংগঠন, অনুচিত জাতি ছাত্ৰ সন্থা , আদিবাসী ছাত্ৰ সন্থা, গোৰ্খা ছাত্ৰ সন্থা, বেংগলী ফেডাৰেচন, আক্ৰাছু, চাহ মজদূৰ সংঘকে ধৰি ১০ টা জাতীয় সংগঠনৰ জিলা পৰ্যায়ৰ বিষয়ববীয়া উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ/আলোক/অৰৱিন্দ


 rajesh pande