আই পি এলৰ আচৰণ বিধি উলংঘা কৰাৰ বাবে ছেম কৰণৰ ওপৰত মেচ মাচুলৰ ৫০ শতাংশ জৰিমনা
নতুন দিল্লী, ২২ এপ্ৰিল (হি.স.)। দেওবাৰে মুলানপুৰৰ পিচিএ নিউ ইণ্টাৰনেশ্যনেল ক্ৰিকেট ষ্টেডিয়ামত গুজৰা
ছেম কৰণ


নতুন দিল্লী, ২২ এপ্ৰিল (হি.স.)। দেওবাৰে মুলানপুৰৰ পিচিএ নিউ ইণ্টাৰনেশ্যনেল ক্ৰিকেট ষ্টেডিয়ামত গুজৰাট টাইটানছৰ বিৰুদ্ধে খেলখনৰ সময়ত আইপিএলৰ আচৰণ বিধি উলংঘা কৰাৰ বাবে পঞ্জাব কিংছৰ অধিনায়ক ছেম কাৰানক মেচ মাচুলৰ ৫০ শতাংশ জৰিমনা বিহা হৈছে।

দেওবাৰে গভীৰ নিশা আইপিএলে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে, ‘কৰনে আইপিএলৰ আচৰণ বিধিৰ ২.৮ অনুচ্ছেদৰ অধীনত লেভেল ১ অপৰাধ সংঘটিত কৰিছে। তেওঁ দোষ স্বীকাৰ কৰি মেচ ৰেফাৰীৰ অনুমোদন মানি লৈছিল। “লেভেল ১ৰ আচৰণ বিধি উলংঘাৰ বাবে মেচ ৰেফাৰীৰ সিদ্ধান্ত চূড়ান্ত আৰু বাধ্যতামূলক।”

মেচখনৰ কথা ক’বলৈ গ’লে এই মেচখনত পঞ্জাৱ কিংছৰ দলৰ প্ৰথম বেটিং ১৪২ ৰানত সীমাবদ্ধ আছিল। পঞ্জাৱৰ হৈ প্ৰভসিমৰণ সিঙে ৩টা চাৰি আৰু ইমান ছয়ৰ সহায়ত ২১টা বলত ৩৫ ৰান সংগ্ৰহ কৰে। প্ৰভাসিমৰণৰ উপৰিও অধিনায়ক ছেম কাৰানে ২০ ৰান আৰু হৰপ্ৰীত ব্ৰাৰে ২৯ ৰান সংগ্ৰহ কৰে। গুজৰাটৰ হৈ উজ্জ্বল বলিং কৰি ছাই কিশোৰে ৪ অভাৰত ৩৩ ৰানত ৪ উইকেট দখল কৰে। আনহাতে মোহিত শৰ্মা আৰু নূৰ আহমেদে ২-২ আৰু ৰছিদ খানে ১ উইকেট দখল কৰে।

ইয়াৰ উত্তৰত গুজৰাটৰ দলে ১৯.১ অভাৰত ৭টা উইকেট হেৰুৱাই ১৪৬ ৰান সংগ্ৰহ কৰি খেলখন জয়ী হয়। গুজৰাটৰ হৈ ৰাহুল তেৱাতিয়াই ১৮টা বলত ৭টা চাৰিৰ সহায়ত ৩৬ ৰান সংগ্ৰহ কৰি নিজৰ দলটোক জয়ী কৰাত সহায় কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেৱতিয়াৰ বাহিৰেও অধিনায়ক শুভমান গিলে ৩৫ ৰান আৰু ছাই সুদৰ্শনে ৩১ ৰান সংগ্ৰহ কৰে।

পঞ্জাৱৰ হৈ হৰ্শাল পেটেলে ৩টা, লিয়াম লিভিংষ্টোনে ২টা, আৰ্ছদীপ সিং আৰু ছেম কাৰানে ১-১ উইকেট দখল কৰে।

হিন্দুস্থান সমাচাৰ/সুনীল/মনোজ


 rajesh pande