ইংলেণ্ড প্ৰিমিয়াৰ লীগঃ উলভাৰহামপটনক পৰাস্ত কৰিত শীৰ্ষত মাইকেল আৰ্টেটাৰ আৰ্চেনাল
লণ্ডন, ২১ এপ্ৰিল (হি.স.): শনিবাৰে নিশা বিপক্ষৰ খেলপথাৰত মাইকেল আৰ্টেটাৰ দল আৰ্চেনালে ২-০ গ’লত জয়লাভ
ইংলেণ্ড প্ৰিমিয়াৰ লীগ


লণ্ডন, ২১ এপ্ৰিল (হি.স.): শনিবাৰে নিশা বিপক্ষৰ খেলপথাৰত মাইকেল আৰ্টেটাৰ দল আৰ্চেনালে ২-০ গ’লত জয়লাভ কৰে। সকলো প্ৰতিযোগিতাতে তিনিখন খেলৰ অন্তত জয়লাভ কৰে।

প্ৰথমাৰ্ধৰ শেষ মুহূৰ্তত আৰ্চেনালে অগ্ৰগতি লাভ কৰে। ইয়াৰ পিছতে অধিনায়ক মাৰ্টিন অডেগ’ৰে দ্বিতীয়াৰ্ধৰ অতিৰিক্ত সময়ত ঘাটি দুগুণ কৰি বৃদ্ধি কৰে।

এই জয়ে মানচেষ্টাৰ চিটি পিছ পৰি ৰৈ ইংলেণ্ড প্ৰিমিয়াৰ লীগৰ শীৰ্ষত উপনীত হয়।

৩৩খন মেচত ২৩খন জয় আৰু ৫খন ড্ৰ’ত ৭৪ পইণ্ট লাভ কৰি এতিয়াৰ বাবে ইংৰাজী প্ৰিমিয়াৰ লীগৰ শীৰ্ষস্থান দখল কৰিছে আৰ্চেনালে। আৰু চিটিয়ে ৩২খন মেচত ৭৩ পইণ্ট লাভ কৰি দ্বিতীয় স্থানলৈ অৱনমিত হয়। সমান মেচত ৭১ পইণ্ট লাভ কৰি তৃতীয় স্থানত আছে লিভাৰপুল। আৰু ৩৩খন মেচত চতুৰ্দশখন পৰাজয়ৰ পিছত ৪৩ পইণ্টেৰে ১১ নম্বৰ স্থানত আছে উলভাৰহামপ্টনে।

হিন্দুস্থান সমাচাৰ / শান্তি/মনোজ


 rajesh pande