লক্ষিমপুৰত সতী সাধনী স্মৃতি দিৱস উদযাপন
লক্ষিমপুৰ, ২০ এপ্ৰিল(হি.স.)। লক্ষিমপুৰ জিলা চুতীয়া জাতি সন্মিলনৰ উদ্যোগত মহিলা সন্মিলন, যুৱ সন্মিলন,
লক্ষিমপুৰত সতী সাধনী স্মৃতি দিৱস উদযাপন


লক্ষিমপুৰ, ২০ এপ্ৰিল(হি.স.)। লক্ষিমপুৰ জিলা চুতীয়া জাতি সন্মিলনৰ উদ্যোগত মহিলা সন্মিলন, যুৱ সন্মিলন, চুতীয়া ছাত্ৰ সন্থাৰ সহযোগত আজি বীৰঙ্গনা সতী সাধনী স্মৃতি দিৱস উদযাপন কৰা হয়।

লখিমপুৰ নগৰৰ সমীপৰ জাপিসজিয়া সাধনী ভৱনত এদিনীয়া কাৰ্য্যসুচীৰে অনুষ্ঠিত স্মৃতি দিৱসত পুৱা সতী সাধনী আইৰ চৰণত বন্তি প্ৰজ্বলন,জিলা চুতীয়া জাতি সন্মিলন, মহিলা সন্মিলন, যুৱ সন্মিলন, চুতীয়া ছাত্ৰ সন্থাৰ পতাকা উত্তোলন অনুষ্ঠিত হয়।

হিন্দুস্থান সমাচাৰ / কিশোৰ/ৰমেন/মনোজ


 rajesh pande