গুৱাহাটীৰ পৰা দুখন গ্ৰীষ্মকালীন বিশেষ ৰে'লৰ চলাচল
গুৱাহাটী, ২০ এপ্ৰিল (হি.স.)। গ্ৰীষ্মকালৰ ভিৰৰ সময়ত যাত্ৰীসকলৰ বৰ্ধিত চাহিদা পূৰণ কৰাৰ অৰ্থে গুৱাহাট
গুৱাহাটীৰ পৰা দুখন গ্ৰীষ্মকালীন বিশেষ ৰে'লৰ চলাচল


গুৱাহাটী, ২০ এপ্ৰিল (হি.স.)। গ্ৰীষ্মকালৰ ভিৰৰ সময়ত যাত্ৰীসকলৰ বৰ্ধিত চাহিদা পূৰণ কৰাৰ অৰ্থে গুৱাহাটীৰ পৰা দুযোৰ বিশেষ ৰে’ল চলাবৰ বাবে সিদ্ধান্ত গ্ৰহণকৰা হৈছে। এখন বিশেষ ৰে’ল গুৱাহাটী আৰু উৰিষ্যাৰ সম্বলপুৰৰ মাজত চলাচল কৰিব আৰু আনখন গুৱাহাটী আৰু জম্মু কাশ্মীৰৰ শ্ৰী মাতা বৈষ্ণো দেৱী কাটৰাৰ মাজত চলাচল কৰিব। উভয় দিশত এই দুয়োখন ৰে’ল ১০ টাকৈ ট্ৰিপৰ বাবে পৰিচালনকৰা হ’ব। দুয়োখন বিশেষ ৰে’লত যাত্ৰীসকলৰ সুবিধাৰ বাবে এচি ৩-টায়াৰ, শ্লীপাৰ শ্ৰেণী আৰু সাধাৰণ আসনৰ ডবা থাকিব।

সেই অনুসৰি, ৰে’ল নং ০৮৩৫১(সম্বলপুৰ-গুৱাহাটী) বিশেষ ৰে’লখন ২২এপ্ৰিলৰ পৰা ২৪ জুন, ২০২৪ তাৰিখলৈ সম্বলপুৰৰ পৰা প্ৰতি সোমবাৰে ১৮:৫০ বজাত প্ৰস্থান কৰি বুধবাৰে ০১:২০বজাত গুৱাহাটীত আহি উপস্থিত হ’ব। উভতনি যাত্ৰাৰ দিশত, ৰে’ল নং ০৮৩৫২(গুৱাহাটী-সম্বলপুৰ) বিশেষ ৰে’লখন ২৪এপ্ৰিলৰ পৰা ২৬জুন, ২০২৪ লৈ প্ৰতি বুধবাৰে ০৮:০০বজাত গুৱাহাটীৰ পৰা প্ৰস্থান কৰি পৰৱৰ্তী দিনৰ১৬:১৫বজাত সম্বলপুৰত গৈ উপস্থিত হ’ব। উভয় দিশৰ যাত্ৰাৰ সময়ত, বিশেষ ৰে’লখন কামাখ্যা, নিউ বঙাইগাঁও, নিউ আলিপুৰদুৱাৰ জংচন,নিউ জলপাইগুড়ী, কিষাণগঞ্জ ,মালদা টাউন,ভট্টনগৰ, খড়গপুৰ, বালাচোৰ, কপিলাছ ৰোড, অংগোল, কেৰেজাঙ্গা আদি হৈ চলাচল কৰিব।

লগতে, ৰে’ল নং ০৪৬৮০(শ্ৰী মাতা বৈষ্ণো দেৱী কাটৰা – গুৱাহাটী) বিশেষ ৰে’লখন ২৬এপ্ৰিলৰ পৰা ২৮ জুন, ২০২৪ লৈ শ্ৰী মাতা বৈষ্ণো দেৱী কাটৰাৰ পৰা প্ৰতি শুক্ৰবাৰে ২১:৩০বজাত প্ৰস্থান কৰি দেওবাৰে ১৯:১০ বজাত গুৱাহাটীত আহি উপস্থিত হ’ব। উভতনি যাত্ৰাৰ দিশত,ৰেল নং ০৪৬৭৯(গুৱাহাটী – শ্ৰী মাতা বৈষ্ণো দেৱী কাটৰা) বিশেষ ৰেলখন ২৯ এপ্ৰিলৰ পৰা ০১ জুলাই, ২০২৪ লৈ প্ৰতি সোমবাৰে ২৩:২০ বজাত গুৱাহাটীৰ পৰা প্ৰস্থান কৰি বুধবাৰে ২০:৪৫ বজাত শ্ৰী মাতা বৈষ্ণো দেৱী কাটৰাত গৈ উপস্থিত হ’ব। উভয় দিশৰ যাত্ৰাৰ সময়ত, বিশেষ ৰে’লখন কামাখ্যা,গোৱালপাৰা টাউন, নিউ বঙাইগাঁও,নিউ কোচবিহাৰ, নিউ জলপাইগুড়ী, কিষাণগঞ্জ, কাটিহাৰ, বাৰাউনি, হাজীপুৰ, গোৰখপুৰ, গোণ্ডা, বৰেলী, চাহাৰনপুৰ, আম্বালা কেণ্ট, লুধিয়ানা, পাঠানকোট কেণ্ট, জম্মু তৱী আদি হৈ চলাচল কৰিব।

আন এখন বিশেষ ৰে’ল নং ০৬২২১/০৬২২২(মাইছুৰু – মুজাফ্ফৰপুৰ - মাইছুৰু) মাইছুৰুৰ পৰা প্ৰতি সোমবাৰে (১৫এপ্ৰিল, ২০২৪ৰ পৰা কাৰ্যকৰী হোৱাকৈ)আৰু মুজাফ্ফৰপুৰৰ পৰা প্ৰতি বৃহস্পতিবাৰে (অৰ্থাৎ ১৮এপ্ৰিল, ২০২৪তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ)মাইছুৰু আৰু মুজাফ্ফৰপুৰৰ মাজত ০৮ টাকৈ ট্ৰিপৰ বাবে চলাচল কৰি আছে। ইয়াৰ উভয় দিশৰ যাত্ৰাৰ সময়ত ৰে’লখনত জোলাৰপেট্টাই, বিজয়ৱাড়া জংচন, পালাচা, মালদা টাউন, কুমেদপুৰ, কাটিহাৰ, বাৰাউনী জংচন ইত্যাদিত ষ্টপেজ থাকিব।

উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া সব্যসাচী দেয়ে আজি এক প্ৰেছ বিবৃতিযোগে এই কথা সদৰী কৰে।

হিন্দুস্থান সমাচাৰ/আলোক/মনোজ


 rajesh pande