বিলাসী পাৰাত নেমছুৰ উত্তাল প্ৰতিবাদ
ধুবুৰী, ২০ এপ্ৰিল (হি.স.)। অসমৰ তিনি যূৱকক মেঘালয়ত হত্যা কৰাৰ বিৰুদ্ধে বিলাসীপাৰাত আজি নেমছুৰ উত্তা
বিলাসী পাৰাত নেমছুৰ উত্তাল প্ৰতিবাদ


ধুবুৰী, ২০ এপ্ৰিল (হি.স.)। অসমৰ তিনি যূৱকক মেঘালয়ত হত্যা কৰাৰ বিৰুদ্ধে বিলাসীপাৰাত আজি নেমছুৰ উত্তাল প্ৰতিবাদ।বিলাসীপাৰা গান্ধী চকত কেন্দ্ৰীয় নেমছুৰ নিৰ্দেশত আৰু বিলাসীপাৰা জিলা নেমছুৰ উদ্যোগত এই প্ৰতিবাদ।

অসমৰ গোৱালপাৰা জিলাৰ তিনি যুৱকক মেঘালয়ত নিৰ্মমভাৱে হত্যা কৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি কয় অতিশিঘ্ৰে দোষীক কৰায়ত্ব কৰি নিহত প্ৰতিটো পৰিয়ালক ৫০ লাখকৈ টকা ক্ষতিপুৰণৰ ব্যৱস্থা কৰিব লাগে।অসমীয়াৰ লগত দাদাগিৰী নচলিব, মেঘালয় চৰকাৰ হুচিয়াৰ,কনৰাড চাংমা মুৰ্দাবাদ, মেঘালয় গৃহ বিভাগ হায় হায়, মেঘালয়ত অসমীয়াৰ নিৰাপত্তা সুনিশ্চিত কৰক আদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ /আলোক.


 rajesh pande