মৈৰাবাৰীত চৰকাৰী বিলত চলিছে অবৈধ খনন
মৰিগাঁও, ২০ এপ্ৰিল (হি.স.)। মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ অন্তৰ্গত চহৰীয়া গাঁৱত বিলত অবাধে চলিছে খনন কাৰ্য
মৈৰাবাৰীত চৰকাৰী বিলত চলিছে অবৈধ খনন


মৰিগাঁও, ২০ এপ্ৰিল (হি.স.)। মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ অন্তৰ্গত চহৰীয়া গাঁৱত বিলত অবাধে চলিছে খনন কাৰ্য। প্ৰশাসনৰ কঠোৰ আদেশ অমান্য কৰি বিল খনত এনেদৰে খনন চলোৱাৰ লগতে চলিছে অবৈধ বান্ধ।

বিল খন খান্দি বিলৰ চাৰিওফালে ট্ৰেক্টৰেদি মাটি বিক্ৰীৰ বাবে কঢ়িয়াই নিয়া হৈছে অইন স্থানলৈ। প্ৰশাসনৰ কঠোৰ আদেশক এনেদৰে বুঢ়া আঙুলি দেখুৱাই চৰকাৰী বিলত এনেদৰে খান্দি বান্ধ দিয়া সকলৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষই কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেয়া সময়ত লক্ষণীয় হৈ পৰিব।

হিন্দুস্থান সমাচাৰ / কিশোৰ/ৰমেন/মনোজ


 rajesh pande