৪ জুনৰ পিছত বিজেপি-ইউপিপিএলৰ মিত্ৰতা নাথাকে –হাগ্ৰামা
বাক্সা ২০ এপ্ৰিল (হি.স.)। আজি দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ অন্তৰ্গত বিটিআৰ গোৰেশ্বৰ পৰিষদীয় সমষ্টিত ব
৪ জুনৰ পিছত বিজেপি-ইউপিপিএলৰ মিত্ৰতা নাথাকে –হাগ্ৰামা


বাক্সা ২০ এপ্ৰিল (হি.স.)। আজি দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ অন্তৰ্গত বিটিআৰ গোৰেশ্বৰ পৰিষদীয় সমষ্টিত বিপিএফ প্ৰাৰ্থী দূৰ্গা দাস বড়োৰ হৈ নিৰ্বাচনী প্ৰচাৰ অভিযানত অংগ্ৰহণ কৰে বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে ।

গোৰেশ্বৰৰ কাউৰবাহা আৰু গুৰমৌত অনুষ্ঠিত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি প্ৰমোদ বড়োৰ ইউ পি পি এল দলক তীব্ৰ সমালোচনা কৰে মহিলাৰীয়ে । তেওঁ কয় যে ৪ জুনৰ পিছত বিজেপি-ইউপিপিএলৰ মিত্ৰতা নাথাকে। ইফালে দৰং-ওদালগুৰি আৰু কোকৰাঝাৰ সমষ্টিত বিপিএফৰ বিজয় নিশ্চিত বুলি দাবী কৰে হাগ্ৰামা মহিলাৰীয়ে ।উল্লেখ্য যে আজি গোৰেশ্বৰ সমষ্টিত মুঠ ৫খনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব হাগ্ৰামা মহিলাৰীয়ে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ /আলোক.


 rajesh pande