শিলচৰৰ বিভিন্ন অঞ্চলত চুলাই মদৰ বিৰুদ্ধে আবকাৰী বিভাগৰ অভিযানত ৬০০০ লিটাৰ সুৰা ধ্বংস
কাছাৰ, ২০ এপ্ৰিল (হি.স.)। সুৰাৰ বিৰুদ্ধে আবকাৰী বিভাগে লাভ কৰিছে বিশেষ সফলতা। চুলাই মদ প্ৰস্তুত কৰা
শিলচৰৰ বিভিন্ন অঞ্চলত চুলাই মদৰ বিৰুদ্ধে আবকাৰী বিভাগৰ অভিযানত ৬০০০ লিটাৰ সুৰা ধ্বংস


কাছাৰ, ২০ এপ্ৰিল (হি.স.)। সুৰাৰ বিৰুদ্ধে আবকাৰী বিভাগে লাভ কৰিছে বিশেষ সফলতা। চুলাই মদ প্ৰস্তুত কৰা সুৰা কাৰখানা নিৰ্মূল কৰিবলৈ শিলচৰৰ বিভিন্ন অঞ্চলত আবকাৰী বিভাগৰ অভিযান চলে। শুকুৰবাৰে দিনে নিশাই শিলচৰত তাৰাপুৰ নাগাপুঞ্জী দূতপতিল ডলু, ধলাই, লাইলাপুৰ আদি অঞ্চলত আবকাৰী বিভাগে সুৰাৰ বিৰুদ্ধে অভিযান চলাই প্ৰায় ৬০০০ লিটাৰ সুৰা ধ্বংস কৰিবলৈ সক্ষম হয়।

আবকাৰী বিভাগে সুৰা বনোৱা কোঠাকে ধৰি সুৰা প্ৰস্তুতৰ বাবে বিভিন্ন সঁজুলি ভাঙি পেলায়। সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত আবকাৰী বিভাগৰ অধীক্ষক সান্তনু হাজৰিকা আৰু পৰিদৰ্শক জনাৰ্দন গোস্বামীয়ে কয় যে কাছাৰ জিলাৰ বিভিন্ন অঞ্চলৰ পৰা সুৰাৰ বিৰুদ্ধে প্ৰায় ৬ হাজাৰ লিটাৰ সুৰা ধ্বংস কৰা হৈছে আৰু সুৰাৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব।অভিযানৰ সময়ত মনোৰঞ্জনৰ উপ অধীক্ষক সদৰ মনোজ গুপ্তা, অৰিজিত দে লগতে শিলচৰ সদৰ আৰু লক্ষীপুৰ, বৰাখলা,ধলাই আবকাৰী বিভাগৰ কৰ্মচাৰী উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / কিশোৰ/ৰমেন/মনোজ


 rajesh pande