ঢকুৱাখনাত ৫০০ সংখ্যক বীৰাঙ্গনা সতী সাধনী দিৱস উদযাপন
নগাঁও, ২০ এপ্ৰিল (হি.স.)। অসমৰ অন্যতম ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীৰ গৌৰৱ, শৌৰ্য বীৰ্যৰ প্ৰতীক, স্বদেশ আ
ঢকুৱাখনাত ৫০০ সংখ্যক বীৰাঙ্গনা সতী সাধনী দিৱস উদযাপন


নগাঁও, ২০ এপ্ৰিল (হি.স.)। অসমৰ অন্যতম ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীৰ গৌৰৱ, শৌৰ্য বীৰ্যৰ প্ৰতীক, স্বদেশ আৰু স্বজাতিৰ বাবে আত্মবলিদান দিয়া সতী সাধনী স্মৃতি দিৱসটি আজি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে ঢকুৱাখনাতো বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হৈছে।

পূৱ ঢকুৱাখনা আৰু হাৰ্হি আঞ্চলিক চুতীয়া জাতি সন্মিলনৰ আতিথ্যত ঢকুৱাখনা জিলা চুতীয়া জাতি মহিলা সন্মিলন, ঢকুৱাখনা জিলা চুতীয়া যুৱ সম্মিলন আৰু ঢকুৱাখনা মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ সহযোগত ঢকুৱাখনা জিলা চুতীয়া জাতি সন্মিলনৰ উদ্যোগত পূৱ ঢকুৱাখনাৰ মদাৰগুৰি ৰাজহুৱা ৰঙ্গমঞ্চত অনুষ্ঠিত কৰে ৫০০ সংখ্যক বীৰাঙ্গনা সতী সাধনী দিৱসটি। কাৰ্যসূচী অনুসৰি পুৱা চাফাই অভিযান, বৃক্ষৰোপণ পতাকা উত্তোলনৰ পিছতে সাধনীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন চুতীয়া উন্নয়ন পৰিষদৰ সদস্যা ৰূপাঞ্জলী চুতীয়াই কৰাৰ পিছতে দেওকুবেৰ পূজা অনুষ্ঠিত হয়।

মঞ্চ আৰু সাংস্কৃতিক অনুষ্ঠান উদ্ধোধন ঢকুৱাখনা জিলা চুতীয়া জাতি সন্মিলনৰ সভাপতি দিব্য খনিকৰৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা।সভাত সদৌ অসম চুতীয়া জাতি সন্মিলনৰ উপদেষ্টা তুলসী প্ৰসাদ শইকীয়া,নিদিষ্ট বক্তা হিচাবে ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° বুধিন বৰুৱা,এন চি ডি কলেজৰ অধ্যক্ষ ড° সুৰজিৎ দলে, অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰফুল্ল চুতীয়া চুতীয়া মহিলা সন্মিলনৰ উপ সভানেত্ৰী কল্পনা সেনাপতি বৰুৱাকে ধৰি বহুকেইগৰাকী ব্যক্তিয়ে ভাষণ প্ৰদান কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ /আলোক.


 rajesh pande