দিনৰ ১ বজালৈ অসমত ৪৫.১২ শতাংশ ভোটগ্ৰহণ
গুৱাহাটী, ১৯ এপ্ৰিল (হি.স.)। অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ
ভোটদান


গুৱাহাটী, ১৯ এপ্ৰিল (হি.স.)। অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটদানৰ ধাৰা অনুসৰি পুৱাৰে পৰা ভোটগ্ৰহণ কেন্দ্ৰত বৃহৎ সংখ্যক লোকে সমবেত হৈ ভোটদান কৰিছে।

পুৱা ০৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ। দিনৰ ১ বজালৈ অসমত ৪৫.১২ শতাংশ, অৰুণাচল প্ৰদেশত ৩৮.৭৩ শতাংশ, মণিপুৰত ৪৬.৯২ শতাংশ, মেঘালয়ত ৪৮.৯১ শতাংশ, মিজোৰামত ৪০.৩৭ শতাংশ, নাগালেণ্ডত ৪৪.৬৪ শতাংশ আৰু ত্ৰিপুৰাত ৫৩.০৪ শতাংশ ভোটদানৰ তথ্য পোৱা গৈছে।

একে সময়তে অৰুণাচল প্ৰদেশ বিধানসভাৰ বাবে ৪১.২৬ শতাংশ ভোটদানৰ খবৰ আহিছে। এতিয়ালৈকে পোৱা তথ্য অনুসৰি শান্তিপূৰ্ণভাৱে ভোটদান চলি আছে। ভোটকেন্দ্ৰসমূহত বৃহৎ সংখ্যক নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / মনোজ/অৰবিন্দ


 rajesh pande