মাত্ৰ ১৭ বছৰ বয়সতে বিশ্বৰ পৰা বিদায় ল'লে স্পেনিছ জিমনাষ্ট মাৰিয়া হেৰানেজ
মাদ্ৰিদ, ১৯ এপ্ৰিল (হি.স.)। স্পেনিছ জিমনাষ্ট মাৰিয়া হেৰানেজৰ ১৭ বছৰ বয়সত মেনিনজাইটিছত আক্ৰান্ত হৈ
স্পেনিছ জিমনাষ্ট মাৰিয়া হেৰানেজ


মাদ্ৰিদ, ১৯ এপ্ৰিল (হি.স.)। স্পেনিছ জিমনাষ্ট মাৰিয়া হেৰানেজৰ ১৭ বছৰ বয়সত মেনিনজাইটিছত আক্ৰান্ত হৈ হঠাতে মৃত্যু হোৱা বুলি শুকুৰবাৰে স্পেনিছ জিমনাষ্টিক ফেডাৰেচনে নিশ্চিত কৰিছে।

হেৰানেজৰ গৃহ চহৰ কেবানিলাছ ডেল কেম্পোৰ স্থানীয় কৰ্তৃপক্ষইও এক বিবৃতিৰে এই খবৰটো নিশ্চিত কৰি কয় যে, “মাৰিয়াই ভয়ংকৰ মেনিনজাইটিছৰ বাবে হঠাতে আমাক এৰি থৈ গৈছে, যিয়ে মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতে তেওঁক আমাৰ পৰা আঁতৰাই লৈ গৈছে, যাৰ ফলত অঞ্চলটো শোকবিহ্ৱল হৈ পৰিছে।”

হেৰানেজ আছিল এজন উদীয়মান জিমনাষ্ট যিয়ে শেহতীয়াকৈ ২০২৩ চনৰ নৱেম্বৰ মাহত বাৰ্মিংহাম (ইউ কে)ত অনুষ্ঠিত হোৱা ট্ৰেম্পোলিন জিমনাষ্টিকছ বিশ্ব চেম্পিয়নশ্বিপত স্পেইনক প্ৰতিনিধিত্ব কৰিছিল আৰু ২৬ নম্বৰ স্থান দখল কৰিছিল।

আৰ এফ ই জিয়েও শোক প্ৰকাশ কৰি লিখিছে, আৰ এফ ই জিত আমি ক্লাব ৰুডিট্ৰাম্পৰ এগৰাকী জিমনাষ্ট মাৰিয়া হেৰানজৰ মৃত্যুত গভীৰভাৱে শোক প্ৰকাশ কৰিছো, যিয়ে যোৱা ট্ৰেম্পোলিন জিমনাষ্টিক বিশ্ব চেম্পিয়নশ্বিপত আমাক প্ৰতিনিধিত্ব কৰিছিল। আমি তেওঁৰ পৰিয়াল আৰু বন্ধু-বান্ধৱীলৈ গভীৰ সমবেদনা জনাইছো। জিমনাষ্টিকছে আপোনাক সদায় মনত ৰাখিব।

হিন্দুস্থান সমাচাৰ/সুনীল/মনোজ


 rajesh pande