মৰিগাঁৱত সুৰেশ বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ পীযুষ হাজৰিকাৰ
মৰিগাঁও, ১৯ এপ্ৰিল (হি.স.)। মৰিগাঁৱত সুৰেশ বৰাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰত পীযুষ হাজৰিকা৷ প্ৰথম পৰ্যায়ৰ ভ
মৰিগাঁৱত সুৰেশ বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ পীযুষ হাজৰিকাৰ


মৰিগাঁও, ১৯ এপ্ৰিল (হি.স.)। মৰিগাঁৱত সুৰেশ বৰাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰত পীযুষ হাজৰিকা৷ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ দিনটোত ২য় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিল ৰাজনৈতিক দল ৷

আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টি নগাঁৱৰ সংসদীয় সমষ্টিৰ প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ হেলিকপ্টাৰেৰে নিৰ্বাচনী প্ৰচাৰত নামিল মন্ত্ৰী পীয়ূষ হাজৰিকা৷ বিশেষকৈ নগাঁও সমষ্টি বাবে এইবা ফেক্টৰ হৈ পৰিছে সংখ্যালঘু ভোটাৰ । যাৰ বাবে আজি মন্ত্ৰীজনে লাহৰীঘাট সমষ্টিৰ জাপৰীত সংখ্যালঘু অধ্যুষিত এলেকাত হাজাৰ হাজাৰ ৰাইজৰ মাজত প্ৰচাৰ চলালে৷ মন্ত্ৰীজনৰ মতে এইবাৰ সংখ্যালঘু ৰাইজে ভোট দিব বিজেপি ক৷ সংখ্যালঘু ভোটাৰে নগাঁৱত এইবাৰ নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰা কথাও স্বীকাৰ কৰিলে মন্ত্ৰী জনে৷ এই নিৰ্বাচনী সভাত বহু সংখ্যালঘূ লোকে বিজেপি দলত যোগদান কৰে৷ আনহাতে আজি হোৱা প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহন চলি থকা সময়তে পঁচোটা সমষ্টিতে জয় নিশ্চিত বুলিও উল্লেখ কৰে মন্ত্ৰী জনে ৷

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/আলোক.


 rajesh pande