ছেমি ফাইনেলৰ বাবে মুখামুখি হ'ব অডিছা এফ চি আৰু কেৰালা ব্লাষ্টাৰছ
ভুৱনেশ্বৰ, ১৯ এপ্ৰিল (হি.স.)। ভুৱনেশ্বৰৰ কলিংগ ষ্টেডিয়ামত আজি সন্ধিয়া ইণ্ডিয়ান ছুপাৰ লীগ (আই এছ এ
ফুটবল


ভুৱনেশ্বৰ, ১৯ এপ্ৰিল (হি.স.)। ভুৱনেশ্বৰৰ কলিংগ ষ্টেডিয়ামত আজি সন্ধিয়া ইণ্ডিয়ান ছুপাৰ লীগ (আই এছ এল) ২০২৩-২৪ৰ প্লে অফৰ প্ৰথমখন খেলত ওড়িশা এফ চি আৰু কেৰালা ব্লাষ্টাৰছ মুখামুখি হ’ব । এই দুয়োটা দলে দুৰ্বল ফৰ্মত নকআউট মেচত প্ৰৱেশ কৰিব, দুয়োটা দলে যোৱা পাঁচখন মেচত তিনিবাৰকৈ পৰাস্ত হৈ এটা ড্ৰ’ আৰু এটা জয়েৰে সন্তুষ্ট হৈছে।

ওড়িছাই ৩৯ পইণ্টেৰে টেবুলৰ চতুৰ্থ স্থান দখল কৰাৰ বিপৰীতে কেৰালা ব্লাষ্টাৰছ এফ চিয়ে ৩৩ পইণ্টেৰে পঞ্চম স্থান দখল কৰে। এই একক পৰ্যায়ৰ প্লে অফ মেচখন দুয়োটা দলৰ বাবে গুৰুত্বপূৰ্ণ হ’ব, মেচখনৰ বিজয়ীয়ে পোনে পোনে ছেমি ফাইনেললৈ আগবাঢ়িব য’ত শীৰ্ষ দুটা দল অৰ্থাৎ মোহন বাগান ছুপাৰ জায়েণ্টছ আৰু মুম্বাই চিটি এফ চিয়ে অপেক্ষা কৰি আছে। চাৰ্জিঅ’ লোবেৰা আৰু ইভান ৱুকমানোভিচ দুয়োজন অভিজ্ঞ কৌশলবিদ, আৰু তেওঁলোকে আগন্তুক গুৰুত্বপূৰ্ণ ৯০ মিনিটৰ বাবে নিজৰ দল প্ৰস্তুত কৰাত ব্যস্ত থাকিব।

মেচৰ পূৰ্বে বৃহস্পতিবাৰে অনুষ্ঠিত সংবাদমেলত অডিছা এফ চিৰ স্পেইনৰ মুখ্য প্ৰশিক্ষক চাৰ্জিঅ’ লোবেৰাই কয় যে আজিলৈকে যদি মই সমগ্ৰ ছিজনটো বিশ্লেষণ কৰো তেন্তে মই অতি সুখী। ভাৰতৰ শক্তিশালী দলসমূহৰ সৈতে আমি খুব ভালকৈ মুখামুখি হৈছিলো। আমি ছুপাৰ কাপৰ ফাইনেলত প্ৰৱেশ কৰিলোঁ আৰু যদিও আমি পৰাস্ত হৈছিলো, তথাপিও আমি শেষলৈকে যুঁজিছিলো।”

কেৰালা ব্লাষ্টাৰছ এফ চিৰ ছাৰ্বিয়ান মুখ্য প্ৰশিক্ষক ইভান ৱুকমানোভিচে মেচৰ পূৰ্বে কয়, ‘ছিজনৰ সময়ছোৱাত আমি গুৰুত্বপূৰ্ণ খেলুৱৈৰ অস্ত্ৰোপচাৰ আৰু অন্যান্য অপ্ৰত্যাশিত কাৰণত দলটো সম্পূৰ্ণৰূপে সলনি কৰিবলগীয়া হৈছিল। কিন্তু নকআউটত মানসিকতা সম্পূৰ্ণ বেলেগ কাৰণ ইয়াত দীৰ্ঘম্যাদী পৰিকল্পনা কৰিব নালাগে।

উল্লেখ্য যে এতিয়ালৈকে দুয়োটা দলৰ মাজত ২২খন মেচ খেলিছে, ইয়াৰে কেৰেলা ব্লাষ্টাৰছ এফ চিয়ে ৯খন আৰু ওড়িশা এফ চিয়ে ৬খনত জয়লাভ কৰিছে, আনহাতে ৭খন মেচ ড্ৰ’ হৈছে।

হিন্দুস্থান সমাচাৰ/সুনীল/মনোজ


 rajesh pande