ৰূপহীহাটৰ আৰ্শীবাদ ভৱনত বিধ্বংসী অগ্নিকাণ্ড
নগাঁও, ১৯ এপ্ৰিল(হি.স.)। ৰূপহীহাটৰ আৰ্শীবাদ ভৱনত আজি বিধ্বংসী অগ্নিকাণ্ড। বৈদ্যুতিক চৰ্তচার্কিটৰ ফলত
ৰূপহীহাটৰ আৰ্শীবাদ ভৱনত বিধ্বংসী অগ্নিকাণ্ড


নগাঁও, ১৯ এপ্ৰিল(হি.স.)। ৰূপহীহাটৰ আৰ্শীবাদ ভৱনত আজি বিধ্বংসী অগ্নিকাণ্ড। বৈদ্যুতিক চৰ্তচার্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰ পাত হোৱাৰ সন্দেহ।

হঠাৎ কলা ধোঁৱাই চানি ধৰে সমগ্ৰ ৰূপহীহাট বজাৰ। মধ্য অসমৰ ব্যৱসায়িক প্ৰাণ কেন্দ্ৰ স্বৰূপ ৰূপহীহাট বজাৰত পুৱাৰ ভাগতেই সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড। বিধ্বংসী অগ্নি কাণ্ডত ২০ লক্ষাধিক টকাৰ সা-সামগ্ৰী জুইত ভস্মীভূত হয়। পলমকৈ অগ্নি নিৰ্বাপক বাহিনীৰ লোক উপস্থিত হোৱাৰ অভিযোগ। আৰ্শীবাদ ভৱনত থকা কেইবাটাও কাপোৰ দোকানৰ এটা দোকান সম্পূৰ্ণৰূপে জুইত ভস্মীভূত হৈ যায়।

হিন্দুস্থান সমাচাৰ / কিশোৰ/ৰমেন/আলোক.


 rajesh pande