ইতিহাস ৰচি থলুৱা 'নিৰ্ভয়' চাবছনিক ক্ৰুজ মিছাইলৰ সফল পৰীক্ষা ভাৰতৰ
- বায়ুসেনাৰ সুখোই-৩০ যুদ্ধ বিমানৰ দ্বাৰা মিছাইলৰ উৰণ পথৰ নিৰীক্ষণ -নিৰ্ভয় ক্ষেপণাস্ত্ৰই অতি কম
সফল পৰীক্ষা


- বায়ুসেনাৰ সুখোই-৩০ যুদ্ধ বিমানৰ দ্বাৰা মিছাইলৰ উৰণ পথৰ নিৰীক্ষণ

-নিৰ্ভয় ক্ষেপণাস্ত্ৰই অতি কম উচ্চতাতো শত্ৰুৰ ৰাডাৰৰ চতুত ধুলি দিবলৈ সক্ষম

নতুন দিল্লী, ১৮ এপ্ৰিল (হি.স.)। বৃহস্পতিবাৰে দীৰ্ঘ দূৰত্বৰ থলুৱা নিৰ্ভয় চাবছনিক ক্ৰুজ মিছাইলৰ সফলতাৰে পৰীক্ষা কৰি ভাৰতে পুনৰবাৰ ইতিহাসৰ সৃষ্টি কৰিছে। ভাৰতীয় বায়ুসেনাৰ সুখয়-৩০ যুদ্ধ বিমানেও নিৰীক্ষণ কৰিছিল এই ক্ষেপণাস্ত্ৰৰ উৰণ। এই ক্ষেপণাস্ত্ৰই অতি কম উচ্চতাতো শত্ৰুৰ ৰাডাৰক প্ৰতাৰণা কৰিবলৈ সক্ষম। এই সাফল্যৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু ডি আৰ ডি অ’ৰ অধ্যক্ষ ড০ সমীৰ ভি কামাত সমগ্ৰ ডি আৰ ডি অ’ৰ দলটোক অভিনন্দন জ্ঞাপন কৰিছে।

প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই ১৮ এপ্ৰিলত ওড়িশাৰ উপকূলৰ পৰা চণ্ডীপুৰৰ ইন্টিগ্ৰেটেড টেষ্ট ৰেঞ্জ (আইটিআৰ)ৰ পৰা থলুৱা প্ৰযুক্তিৰ ক্ৰুজ মিছাইলৰ সফলতাৰে উৰণ পৰীক্ষা কৰে। এই সময়ছোৱাত ক্ষেপণাস্ত্ৰৰ সকলো উপ-ব্যৱস্থাই আশা কৰা ধৰণে কাম কৰিছিল। আইটিআৰৰ বিভিন্ন স্থানত ৰাডাৰ, ইলেক্ট্ৰ’ অপটিকেল ট্ৰেকিং চিষ্টেম (ইঅ’টিএছ) আৰু টেলিমেট্ৰিৰ দৰে একাধিক চেন্সৰ নিয়োগ কৰি মিছাইলটোৰ কাৰ্যক্ষমতা আৰু ইয়াৰ উৰণ পথ নিৰীক্ষণ কৰা হৈছিল। ভাৰতীয় বায়ুসেনাৰ যুদ্ধ বিমান সুখয়-৩০ এম কে আইয়েও নিৰীক্ষণ কৰিছিল এই ক্ষেপণাস্ত্ৰৰ উৰণ।

ডি আৰ ডি অ’ৰ মতে, পৰীক্ষাৰ সময়ত ক্ষেপণাস্ত্ৰটোৱে পইণ্ট নেভিগেচন ব্যৱহাৰ কৰি লক্ষ্যস্থানলৈ যোৱা পথ অনুসৰণ কৰিছিল আৰু অতি কম উচ্চতাৰ সাগৰীয় স্কিমিং উৰণ প্ৰদৰ্শন কৰিছিল। এই সফল উৰণ পৰীক্ষাই বেংগালুৰুৰ গেছ টাৰ্বাইন গৱেষণা প্ৰতিষ্ঠান (জিটিআৰই)ত বিকশিত কৰা থলুৱা প্ৰপালচন ব্যৱস্থাৰ নিৰ্ভৰযোগ্য কাৰ্যক্ষমতাও প্ৰতিষ্ঠা কৰিছে। উন্নত আৰু নিৰ্ভৰযোগ্য প্ৰদৰ্শন নিশ্চিত কৰিবলৈ এই মিছাইলটো উন্নত এভিয়নিকছ আৰু চফটৱেৰেৰেও সজ্জিত কৰা হৈছে।

ডি আৰ ডি অ’ লেবৰেটৰী আৰু ভাৰতীয় উদ্যোগৰ অৱদানেৰে বেংগালুৰুৰ এৰ’নটিকেল ডেভেলপমেণ্ট এষ্টাব্লিছমেণ্ট (এ ডি ই)ত এই ক্ষেপণাস্ত্ৰ নিৰ্মাণ কৰা হৈছে। এই পৰীক্ষাত বিভিন্ন ডি আৰ ডি অ’ লেবৰেটৰীৰ কেইবাজনো জ্যেষ্ঠ বিজ্ঞানীৰ লগতে উৎপাদন অংশীদাৰৰ প্ৰতিনিধিয়ে প্ৰত্যক্ষ কৰে। এই ক্ষেপণাস্ত্ৰৰ সফল উৰণ পৰীক্ষণৰ বাবে ডি আৰ ডি অ’ক অভিনন্দন জনাইছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। তেওঁ কয় যে থলুৱা দীৰ্ঘ দূৰত্বৰ চাবছ’নিক ক্ৰুজ মিছাইলৰ সফল বিকাশ এক মাইলৰ খুঁটি। ডি আৰ ডি অ’ৰ অধ্যক্ষ ড০ সমীৰ ভি কামাতেও সমগ্ৰ ডি আৰ ডি অ’ৰ দলটোক অভিনন্দন জ্ঞাপন কৰিছে।

হিন্দুস্থান সমাচাৰ/সুনীত/মনোজ


 rajesh pande