শিলচৰ ৰামনগৰত ভয়ংকৰ অগ্নিকাণ্ড
কাছাৰ, ১৮ এপ্ৰিল (হি.স.)। শিলচৰ ৰামনগৰত আজি এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। গেছ পৰিবাহী চলন্ত টেংকাৰত
শিলচৰ ৰামনগৰত ভয়ংকৰ অগ্নিকাণ্ড


কাছাৰ, ১৮ এপ্ৰিল (হি.স.)। শিলচৰ ৰামনগৰত আজি এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। গেছ পৰিবাহী চলন্ত টেংকাৰত হঠাতে লাগিল জুই ।

জানিব পৰা অনুসৰি আজি দিনৰ ভাগত শিলচৰ ৰামনগৰ অঞ্চলত এখন চলন্ত গেছ পৰিবাহী টেংকাৰত হঠাৎ জুইৰ সূত্ৰপাত ঘটে । মূহূৰ্ততে জুইৰ লেলিহান শিখাই চানি ধৰে টেংকাৰ খন। এই ঘটনাৰ লগে লগে অঞ্চলটোত এক হুৱাদুৱা পৰিস্থিতিৰ সৃষ্টি হয় ।

ঘটনাৰ খৱৰ লাভ কৰিয়েই তাতক্ষণিকভাৱে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ লোক সকল উপস্থিত হৈ জুই নিয়ন্ত্ৰণ নামি পৰে । প্ৰথমে জনবহুল স্থানৰ পৰা টেংকাৰ খন নিৰ্জন স্থানত লৈ যোৱা হয় ৷ তাৰপাছত অগ্নিনিৰ্বাপক বাহিনীৰ চেষ্টাত জুই নিয়ন্ত্ৰণলৈ আহে । ফলত এক ডাঙৰ অঘটন সংঘটিত হোৱাৰ পৰা কথমপি ৰক্ষা পৰে সমগ্ৰ অঞ্চলটো। ইপিনে যান্ত্ৰিক বিজুতিৰ বাবেই গেছ পৰিবাহী টেংকাৰ খনত জুইৰ সূত্ৰপাত ঘটে বুলি সন্দেহ কৰা হৈছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ /আলোক.


 rajesh pande