আই পি এল ২০২৪ৰ পৰা বাহিৰ হোৱা ডেভন কনৱে, চি এছ কেৰ দলত ৰিচাৰ্ড গ্লিছনক অন্তৰ্ভুক্ত
নতুন দিল্লী, ১৮ এপ্ৰিল (হি.স.)। নিউজিলেণ্ডৰ অ’পেনিং বেটছমেন ডেভন কনৱেই আঘাতৰ বাবে টাটা ইণ্ডিয়ান প্ৰ
ডেভন কনৱে


নতুন দিল্লী, ১৮ এপ্ৰিল (হি.স.)। নিউজিলেণ্ডৰ অ’পেনিং বেটছমেন ডেভন কনৱেই আঘাতৰ বাবে টাটা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৪ৰ পৰা বাহিৰ হৈছে।

আই পি এলৰ বিগত দুটা ছিজনত চেন্নাই ছুপাৰ কিংছ (চি এছ কে)ক প্ৰতিনিধিত্ব কৰা কনৱেই ২৩খন মেচ খেলি ৯২৪ ৰান সংগ্ৰহ কৰে, য’ত ৯টা অৰ্ধশতক আছে। তেওঁৰ সৰ্বোচ্চ স্ক’ৰ হৈছে ৯২ নট আউট।

টাটা আই পি এল ২০২৪ৰ বাকী মেচসমূহৰ বাবে চি এছ কেয়ে ইংৰাজ ক্ৰিকেটাৰ ৰিচাৰ্ড গ্লিছনক দলত অন্তৰ্ভুক্ত কৰিছে। গ্লিছনে ইংলেণ্ডক প্ৰতিনিধিত্ব কৰি ৬খন টি-২০ত খেলিছে আৰু তেওঁৰ নামত আছে ৯টা উইকেট। ইয়াৰ উপৰিও গ্লিছনে ৯০ টা টি-২০ খেলি ১০১ টা টি-২০ উইকেট দখল কৰিছে। ৫০ লাখ টকাৰ ভিত্তি মূল্যত তেওঁ চি এছ কেত যোগদান কৰিব।

উল্লেখ্য যে চিএছকে দলে আইপিএল ২০২৪ত এতিয়ালৈকে ৬ খন খেল খেলিছে, য'ত দলটোৱে ৪ খন জয় আৰু দুখনত পৰাস্ত হৈছে। পইণ্ট তালিকাত ৮ পইণ্টেৰে তৃতীয় স্থানত আছে চি এছ কে দল।

হিন্দুস্থান সমাচাৰ/ সুনীল/মনোজ


 rajesh pande