ইণ্ডিয়ান ছুপাৰ লীগৰ২০২৩-২০২৪ বৰ্ষৰ প্লে অফ আৰু ছেমি ফাইনেলৰ স্থান ঘোষণা
মুম্বাই, ১৬ এপ্ৰিল (হি.স.)। ইণ্ডিয়ান ছুপাৰ লীগে (আইএছএল) অহা ১৯ এপ্ৰিল সোমবাৰৰ নিশাৰ পৰা আৰম্ভ হ’বল
 স্থান ঘোষণা


মুম্বাই, ১৬ এপ্ৰিল (হি.স.)। ইণ্ডিয়ান ছুপাৰ লীগে (আইএছএল) অহা ১৯ এপ্ৰিল সোমবাৰৰ নিশাৰ পৰা আৰম্ভ হ’বলগা ২০২৩-২০২৪ চনৰ নকআউট আৰু ছেমি ফাইনেলৰ স্থান ঘোষণা কৰিছে।

ৰোমাঞ্চকৰ চূড়ান্ত খেলত মোহন বাগান ছুপাৰ জায়েণ্টছে আই এছ এল চেম্পিয়নৰ আকাংক্ষিত প্ৰথম খিতাপ দখল কৰাৰ বিপৰীতে মুম্বাই চিটি এফ চিয়ে দ্বিতীয় স্থান দখল কৰি দুয়োটা দলেই ছেমি ফাইনেলত স্থান নিশ্চিত কৰে।

তৃতীয়ৰ পৰা ষষ্ঠ স্থানৰ দলসমূহে একক লেগ নকআউট মেচত অংশগ্ৰহণ কৰি বাকী দুটা ছেমি ফাইনেলিষ্ট নিৰ্ধাৰণ কৰিব। ছেমি ফাইনেল ঘৰুৱা আৰু বাহ্যিক ৰূপত অনুষ্ঠিত হ’ব, দুয়োটা পৰ্যায়ৰ বিজয়ীয়ে ৪ মে’ত গ্ৰেণ্ড ফাইনেল খেলিব। শীঘ্ৰে ঘোষণা কৰা হ’ব ইণ্ডিয়ান ছুপাৰ লীগ ২০২৩-২৪ ছিজনৰ ফাইনেলৰ স্থান।

প্লে অফৰ সূচী তলত দিয়া ধৰণৰ:

১৯ এপ্ৰিল : নকআউট ১ – ওড়িশা এফ চি (ঘৰুৱা) বনাম কেৰালা ব্লাষ্টাৰছ – (কলিংগ ষ্টেডিয়াম, ভুৱনেশ্বৰ)।

২০ এপ্ৰিল : নকআউট ২ – এফ চি গোৱা (ঘৰুৱা) বনাম চেন্নাইয়িন এফ চি – (জৱাহৰলাল নেহৰু ষ্টেডিয়াম, গোৱা)।

২৩ এপ্ৰিল : ছেমিফাইনেল ১ (১ম পৰ্যায়) – নকআউট ১ (ঘৰুৱা)ৰ বিজয়ী বনাম মোহন বাগান ছুপাৰ জায়েন্টছ।

২৪ এপ্ৰিল : ছেমি ফাইনেল ২ (১ম পৰ্যায়) – নকআউট ২ (ঘৰুৱা) বনাম মুম্বাই চিটি এফ চিৰ বিজয়ী।

২৮ এপ্ৰিল : ছেমিফাইনেল ১ (২য় পৰ্যায়) – মোহন বাগান ছুপাৰ জায়েন্টছ (ঘৰুৱা) বনাম নকআউট ১ৰ বিজয়ী – (বিবেকানন্দ যুবা ভাৰতী ক্ৰীড়াংগন, কলকাতা)।

২৯ এপ্ৰিল : ছেমি ফাইনেল ২ (২য় পৰ্যায়) – মুম্বাই চিটি এফ চি (ঘৰুৱা) বনাম নকআউট ২ৰ বিজয়ী – (মুম্বাই ফুটবল এৰিনা, মুম্বাই)।

হিন্দুস্থান সমাচাৰ/সুনীল/মনোজ


 rajesh pande