আই পি এলত সৰ্বাধিক দ্ৰুত ২০০০ ৰান সংগ্ৰহ কৰা ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত ৰুতুৰাজ গাইকোৱাড
নতুন দিল্লী, ১৫ এপ্ৰিল (হি.স.)। চেন্নাই ছুপাৰ কিংছ (চিএছকে)ৰ অ’পেনিং বেটছমেন তথা অধিনায়ক ৰুতুৰাজ গা
ৰুতুৰাজ গাইকোৱাড


নতুন দিল্লী, ১৫ এপ্ৰিল (হি.স.)। চেন্নাই ছুপাৰ কিংছ (চিএছকে)ৰ অ’পেনিং বেটছমেন তথা অধিনায়ক ৰুতুৰাজ গাইকোৱাদে দেওবাৰে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ত ২০০০ ৰান সম্পূৰ্ণ কৰি নিজৰ ফ্ৰেঞ্চাইজিৰ পৰা এই কাম কৰা মাত্ৰ চতুৰ্থজন খেলুৱৈ হিচাপে পৰিগণিত হয়। ইয়াৰ উপৰিও তেওঁ আই পি এলত ২০০০ ৰান সংগ্ৰহ কৰা সৰ্বাধিক দ্ৰুততম ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হৈছে। মুম্বাইৰ ৱানখেদে ষ্টেডিয়ামত প্ৰচণ্ড প্ৰতিদ্বন্দ্বী মুম্বাই ইণ্ডিয়ানছ (এম আই)ৰ বিৰুদ্ধে এই কৃতিত্ব অৰ্জন কৰে ২৭ বছৰীয়া খেলুৱৈগৰাকীয়ে।

গাইকোৱাডে ১৭২.৫০ ষ্ট্ৰাইক ৰেটত ৪০টা বলত ৬৯ ৰান সংগ্ৰহ কৰে, এই সময়ছোৱাত তেওঁ ৫টা চাৰি আৰু ৫টা দৰ্শনীয় ছয় কৰে। গাইকোৱাডে আই পি এলৰ ৫৮খন মেচত গড়ে ৩৯.৬২ আৰু ষ্ট্ৰাইক ৰেট ১৩৪.৯১ৰে ২০২১ ৰান সংগ্ৰহ কৰিছে। ৫৭টা ইনিংছত এটা শতক আৰু ১৬টা অৰ্ধশতক অৰ্জন কৰিছে, য’ত তেওঁৰ সৰ্বোত্তম স্ক’ৰ হৈছে ১০১*। ফাফ ডু প্লেছিছ (৯২ খন মেচত ২,৭২১ ৰান), এম এছ ধোনী (২২৬ খন মেচত ৪,৫৪৭ ৰান) আৰু সুৰেশ ৰাইনা (১৭৬ খন মেচত ৪,৬৮৭ ৰান)ৰ পিছতে তেওঁ আই পি এলত চি এছ কেৰ হৈ চতুৰ্থ সৰ্বাধিক ৰান সংগ্ৰহকাৰী। মাত্ৰ ৫৭ ইনিংছতে এই মাইলৰ খুঁটিত উপনীত হোৱা ভাৰতীয় বেটছমেন তেওঁ। এই তালিকাত তেওঁৰ ওপৰত আছে ক্ৰীছ গেইল (৪৮ ইনিংছ) আৰু শ্বাউন মাৰ্ছ (৫২ ইনিংছ)।

২০২০ চনত অভিষেক ঘটাৰ পিছত প্ৰতিনিধিত্ব কৰা ফ্ৰেঞ্চাইজি চি এছ কেৰ সৈতে গাইকৱাদৰ শ্ৰেষ্ঠ ছিজন আছিল ২০২১ চনৰ ছিজন। সেই ছিজনত তেওঁ ১৬খন মেচত গড়ে ৪৫.৩৫ আৰু ১৩৬.২৬ ষ্ট্ৰাইক ৰেটত ৬৩৫ ৰান সংগ্ৰহ কৰিছিল, য’ত এটা শতক আৰু চাৰিটা পঞ্চাশ ৰান আছিল। ইয়াৰ উপৰিও তেওঁ বেছিভাগ ৰাণৰ বাবে অৰেঞ্জ কেপ আৰু মেন ইন ইয়েলোৰ বাবে পঞ্চমটো আই পি এল খিতাপ লাভ কৰে। এই ছিজনত গাইকৱাডে এতিয়ালৈকে ছখন মেচত গড়ে ৪৪.৮০ আৰু দুটা অৰ্ধশতকৰে ১৩০ৰ ওপৰৰ ষ্ট্ৰাইক ৰেটত ২২৪ ৰান সংগ্ৰহ কৰিছে। তেওঁৰ সৰ্বোচ্চ স্ক’ৰ ৬৯, যাৰ ফলত তেওঁ এই ছিজনত সপ্তম সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈছে।

হিন্দুস্থান সমাচাৰ/সুনীল/মনোজ


 rajesh pande